NORTHEAST NOW (Assamese)
অসম

পেলেৰ কফিনৰ সৈতে চেলফি; সমালোচনাৰ সন্মুখীন ফিফাৰ সভাপতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 3, 2023 2:30 pm

ফিফাৰ সভাপতি জিয়ান্নি ইনফান্তিনো আকৌ এবাৰ সমালোচনাৰ সন্মুখীন হৈছে। এইবাৰ, বহুতে অভিযোগ কৰিছে যে তেওঁ পেলেৰ অন্ত্যেষ্টিক্ৰিয়ালৈ গৈ এক সৌজন্যহীন কাণ্ড কৰিছিল।

কালি শেষ শ্ৰদ্ধা জনাবলৈ পেলেৰ কফিনটো চেণ্টোছৰ ভিলা বেলমিৰোলৈ লৈ যোৱাৰ সময়তে ঘটনাটো ঘটিছিল।

লগতে পঢ়ক: পুনৰ অঘটন! উৰিষ্যাত মালবাহী জাহাজত উদ্ধাৰ আন এগৰাকী ৰাছিয়ান নাগৰিকৰ মৃতদেহ 

গুণমুগ্ধসকলক পেলেক শেষবাৰৰ বাবে চাবলৈ সুযোগ দিয়াৰ বাবে কফিনৰ ঢাকনিখন খোলা ৰখা হৈছিল। ইনফান্তিনোৱে হঠাতে কফিনৰ সন্মুখত তেওঁৰ মোবাইল ফোনটো উলিয়াই ছেলফি লয়।

ইনফান্তিনোৱে চেলফি লোৱাৰ অলপ পিছতে এজন মানুহ আহি তাত থিয় হয়। তেওঁ ইনফান্তিনোৰ সৈতে চেলফি ল’বলৈ তেওঁৰ মোবাইল ফোনটো উলিয়াইছিল। কিন্তু মানুহজনক চেলফি ল’বলৈ অনুমতি দিয়া নহ’ল।

লগতে পঢ়ক: লক্ষ্য ১০০ সন্তান: ৬০ তম সন্তানৰ জন্মৰ পিছত তেওঁ আৰু বিচাৰি আছে পত্নী!

তাৰপিছতে ইনফান্তিনোৱে পেলেৰ পত্নী মাৰ্চিয়া আৰু পুত্ৰ এডিনিঅ’ক সমবেদনা জ্ঞাপন কৰে।ফিফাৰ সভাপতিগৰাকীৰ এনে কাণ্ডক লৈ ইতিমধ্যে বিভিন্ন মাধ্যমত সমালোচনা বিয়পি পৰিছে।