• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লক্ষ্য ১০০ সন্তান: ৬০ তম সন্তানৰ জন্মৰ পিছত তেওঁ আৰু বিচাৰি আছে পত্নী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 1:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কোৱেটাৰ বাসিন্দা চৰ্দাৰ হাজী জান মুহাম্মাদ খান। তেওঁ অলপতে তেওঁৰ ৬০ তম সন্তানৰ পিতৃ হৈছে। কিন্তু তেওঁৰ লক্ষ্য হৈছে ১০০ টা সন্তানৰ পিতৃ হোৱা। তেওঁ নিজৰ লক্ষ্য পূৰণ কৰিবলৈ এতিয়া আৰু পত্নী বিচাৰি আছে।

জানিব পৰা মতে, জান মুহাম্মাদৰ বৰ্তমান তিনিগৰাকী পত্নী আছে। তেওঁ এতিয়া চতুৰ্থ পত্নী এগৰাকী বিচাৰি আছে।

বাতৰি অনুসৰি, জান মুহাম্মাদৰ পত্নীয়ে এতিয়ালৈকে ৬০ টা সন্তান জন্ম দিছে আৰু তাৰ ভিতৰত ৫৫ জন এতিয়াও জীয়াই আছে। তেওঁলোক সকলো স্বাস্থ্যৱান। বাকী পাঁচজনৰ মৃত্যু হৈছে। জান মুহাম্মাদে ইমানবোৰ সন্তান আৰু পত্নীৰ সৈতে একেটা ঘৰতে বাস কৰে।

Apply Now

লগতে পঢ়ক: পুনৰ অঘটন! উৰিষ্যাত মালবাহী জাহাজত উদ্ধাৰ আন এগৰাকী ৰাছিয়ান নাগৰিকৰ মৃতদেহ

পঞ্চাশ বছৰীয়া চৰ্দাৰ জান মুহাম্মাদ খান কোৱেটা চহৰৰ ইষ্টাৰ্ণ বাইপাছ অঞ্চলৰ বাসিন্দা আৰু খালজী বংশৰ সদস্য। তেওঁ এজন ফাৰ্মাচিষ্ট আৰু অঞ্চলটোত তেওঁৰ এখন ক্লিনিক আছে। জান মুহাম্মাদ খানে তেওঁৰ ৬০ তম সন্তানৰ নাম ৰাখিছে খুশহাল খান।

আপোনাৰ ইমানবোৰ শিশুৰ নাম মনত আছেনে? এনে প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “কিয় নাথাকিব?  জান মুহাম্মাদে লগতে কয় যে তেওঁ চতুৰ্থবাৰৰ বাবে বিয়া কৰিব বিচাৰে আৰু সেইকাৰণে তেওঁ কইনা বিচাৰি আছে। “মই মোৰ সকলো বন্ধুবৰ্গক মোৰ চতুৰ্থ বিবাহৰ বাবে কইনা বিচাৰিবলৈ কৈছো। মোৰ বয়স বাঢ়িছে, গতিকে মই সোনকালে বিয়া পাতিব বিচাৰো।‘’ 

তেওঁৱেই যে কেৱল অধিক সন্তান বিচাৰে এনে নহয়, তেওঁৰ পত্নীয়েও একেধৰণে অধিক সন্তান বিচাৰে। তেওঁলোকৰ সন্তানসকলৰ মাজত পুত্ৰতকৈ অধিক কন্যা সন্তান আছে। কিছুমান শিশুৰ বয়স ২০ বছৰতকৈ অধিক, কিন্তু তেওঁলোকৰ কোনেও এতিয়ালৈকে বিবাহিত নহয় আৰু অধ্যয়ন কৰি আছে। জান মুহাম্মাদে কয় যে তেওঁৰ কোনো ডাঙৰ ব্যৱসায় নাই, তেওঁ কেৱল ক্লিনিকৰ উপাৰ্জনেৰে সকলো খৰচ চলাব লাগে। যদিও ইয়াৰ আগতে তেওঁৰ সন্তানৰ সৈতে বিশেষ সমস্যা হোৱা নাছিল, যোৱা তিনি বছৰত পাকিস্তানত ঘটা বৃহৎ মুদ্ৰাস্ফীতিৰ বাবে তেওঁৰ পৰিয়ালটোৰ খৰচৰ বাবে যথেষ্ট সমস্যাত পৰিছে।

লগতে পঢ়ক: ‘গান্ধী-গডছে এক যুদ্ধ’ৰ টিজাৰ মুকলি: নৰমপন্থী গান্ধীৰ মুখামুখি চৰমপন্থী নাথুৰাম

তেওঁ কয় যে বাণিজ্যৰ অৱস্থা বেয়া, সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তিনিগুণ বৃদ্ধি পাইছে। মুদ্ৰাস্ফীতিৰ ফলত পাকিস্তানৰ সকলো লোক, বিশ্বৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে। এইটোৱে মোৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে।

যদিও তেওঁ শিশুক ডাঙৰ-দীঘল কৰাৰ বাবে কাৰো সহায় বিচৰা নাই, জান মুহাম্মাদে কয় যে ৰাষ্ট্ৰখনৰ নাগৰিক হিচাপে তেওঁৰ সন্তানৰো সকলো সুবিধা লাভৰ অধিকাৰ আছে। তেওঁ দাবী কৰে যে অধিক সন্তান জন্ম দিয়াৰ বাবে তেওঁক কোনো ভাট্টা দিলে ই তেওঁক লাভান্বিত কৰিলেহেঁতেন।

চৰ্দাৰ জান মুহাম্মাদ খান বেলুচিস্তানৰ বহু সন্তানৰ পিতৃৰ দ্বিতীয় উদাহৰণ। ইয়াৰ পূৰ্বে বেলুচিস্তানৰ আব্দুল মজিদ মেংগাল নামৰ এজন ব্যক্তিয়ে ছয় বাৰ বিয়া কৰাইছিল আৰু ৫৪ টা সন্তান জন্ম দি বাতৰিৰ শিৰোনাম দখল কৰিছিল।

আব্দুল মজিদ মেংগালৰ যোৱা মাহত ৭৫ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ জীৱনকালত তেওঁ দুগৰাকী পত্নী আৰু ১২ টা সন্তানৰ মৃত্যু হৈছিল।

লগতে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ! কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা

২০৫০ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যা বৃদ্ধিত ভূমিকা পালন কৰা আঠখন দেশৰ ভিতৰত পাকিস্তান অন্যতম।ৰাষ্ট্ৰসংঘৰ  তথ্য অনুসৰি, ১৯৬০ চনৰ পৰা বিশ্বব্যাপী জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাই আহিছে আৰু ২০২০ চনত ই এক শতাংশতকৈও কম আছিল। কিন্তু য’ত বিশ্বত জনসংখ্যা বৃদ্ধিৰ হাৰ এক শতাংশৰ তলত আছে, পাকিস্তানত এতিয়া ই ১.৯ শতাংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd