NORTHEAST NOW (Assamese)
Popular Stories

এতিয়াৰ পৰা ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ সকলোৱে বিনামূলীয়াকৈ লাভ কৰিব কণ্ডম  : ৰাষ্ট্ৰপতিৰ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 6, 2023 10:46 am

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ১৮-২৫ বছৰীয়া যুৱক-যুৱতীৰ বাবে বিনামূলীয়া কণ্ডম ঘোষণা কৰিছে। বৃহস্পতিবাৰে এই ঘোষণা কৰিছে ৰাষ্ট্ৰপতি মেক্ৰ’ই। ফলত এই বয়সৰ লোকসকলে দেশখনত ঔষধৰ দোকানত বিনামূলীয়াকৈ কণ্ডম লাভ কৰিব।

প্ৰতিবেদন অনুসৰি, দেশৰ কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত অনাকাংক্ষিত গৰ্ভধাৰণ হ্ৰাস কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। কালি মেক্ৰ’ই দক্ষিণৰ চহৰ ফেটেন লিউ কম্টেত যুৱক-যুৱতীসকলৰ সৈতে এখন স্বাস্থ্য কৰ্মশালাত অংশগ্ৰহণ কৰে। তাত তেওঁ কয় যে ‘গৰ্ভনিৰোধৰ ক্ষেত্ৰত এইটো এটা সৰু বিপ্লৱ।’

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ফ্ৰান্সে ২৫ বছৰৰ তলৰ সকলো যুৱতীৰ বাবে বিনামূলীয়া জন্ম নিয়ন্ত্ৰণ সেৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছতে বছৰৰ শেষৰ ফালে এই নতুন ঘোষণা আহিল।

মাস্ক পিন্ধি কৰ্মশালালৈ অহা মাক্ৰ’ই স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা পালন কৰি থকা বুলি জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত তেওঁ যৌন শিক্ষাৰ বিষয়ে আলোচনা কৰে।

তেওঁ কয় যে ‘আমি যৌন শিক্ষাত ভাল নহয়। বাস্তৱ তত্ত্বৰ পৰা বহুত বেলেগ। এইটো বিষয় আমি আমাৰ শিক্ষকসকলক অধিক শিকাব লাগিব।’