NORTHEAST NOW (Assamese)
Popular Stories

লণ্ডনত নিগাজিকৈ থাকিব নেকি বিৰাট-অনুষ্কা? অৱশেষত মৌনতা ভংগ বিৰাট কোহলীৰ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2024 7:12 pm
লণ্ডনত নিগাজিকৈ থাকিব নেকি বিৰাট-অনুষ্কা? অৱশেষত মৌনতা ভংগ বিৰাট কোহলীৰ…

বহুতৰ মনত ধাৰণা আছিল যে বিৰাট কোহলী পৰিয়ালৰ সৈতে লণ্ডনত থাকিব। টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত কোহলী লণ্ডনলৈ উভতি পত্নী অনুষ্কা শৰ্মাক লগ কৰিবলৈ গৈছিল।গুণাগথাঁৰ মাজভাগতে বিৰাট কোহলীৰ এক বিশেষ পোষ্ট৷

লণ্ডনৰ পৰাই তেওঁ ভিডিঅ’ পোষ্ট কৰিলে। মুম্বাইৰ ওচৰৰ আলিগবাগত বিৰাট কোহলীৰ ঘৰ নিৰ্মাণ কৰা হৈছে। বিৰাটে ঘৰৰ বিভিন্ন অংশৰ পৰা ভিডিঅ’টো পোষ্ট কৰিছিল। কোহলীয়ে লিখিছে, “মোৰ আলিবাগৰ ঘৰৰ প্ৰতিটো অংশ বৰ সুন্দৰ৷” বিৰাটে ঘৰটো বনোৱা কোম্পানীটোক ধন্যবাদ জনায়। তেওঁ লগতে লিখিছিল, ” মানুহৰ লগত এই ঘৰটোত থাকিবলৈ মই যথেষ্ট উৎফুল্লিত।”

কিন্তু ঘৰত থাকিব নে নাই সেয়া স্পষ্ট নহয়। কাৰণ সেই ভিডিঅ’টোত বিৰাটে কোৱা শুনা যায়, “এইটো ছুটীৰ বাবে এটা ভাল ঠাই। সকলোবোৰ সুবিধা সকলোৰে পৰা বেলেগ হ’ব পাৰে। ৱৰ্ল্ড-ক্লাছ স্পা ইয়াত আছে। মোৰ বাবে এইটো অতি আকৰ্ষণীয়। ড্ৰয়িং ৰূমটোও বৰ ভাল। ঘৰত প্ৰাকৃতিক পোহৰ পৰাৰ বিশেষ সুবিধা থাকিব৷”