NORTHEAST NOW (Assamese)
দেশ

কাৰাগাৰৰ ভিতৰত ওলাল ১১৭ টা মোবাইল: নিলম্বিত হ’ল কাৰাগাৰৰ পাঁচ বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 6, 2023 7:06 pm
Mobile Recovered From Jail

দেশৰ ৰাজধানী চহৰ দিল্লীৰ মণ্ডোলী কাৰাগাৰৰ ভিতৰত নিয়মবহিৰ্ভূতভাৱে ৰখা বহু মোবাইল ফোন উদ্ধাৰৰ পিছত নিলম্বনৰ সন্মুখীন হৈছে কাৰাগাৰৰ ৫ গৰাকী বিষয়াক। মণ্ডোলী কাৰাগাৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আজি সদৰী কৰিছে এই কথা।

যোৱা পষেকত সকলো কাৰাগাৰতে চলোৱা তালাচী অভিযানৰ সময়ত কাৰাগাৰৰ কৰ্মচাৰীয়ে উদ্ধাৰ কৰিছিল ১১৭টা মোবাইল ফোন।

ইয়াৰ পাছতে কাৰাগাৰৰ উপ অধীক্ষক প্ৰদীপ শৰ্মা, উপ অধীক্ষক ধৰ্মেন্দৰ মৌৰ্য, সহকাৰী অধীক্ষক ছানী চন্দ্ৰ, প্ৰধান ৱাৰ্ডাৰ লোকেশ ধমা আৰু ৱাৰ্ডাৰ হন্সৰাজ মীনাক নিলম্বন কৰা হয়।

তদুপৰি, আই পি এছ বিষয়া তথা সঞ্চালক প্ৰধান (কাৰাগাৰৰ) সঞ্জয় বানিৱালে সকলো কাৰাগাৰ অধীক্ষকক নিজাকৈ অভিযানকাৰী দল গঠন কৰি কৰ্তৃত্বাধীন কাৰাগাৰসমূহত মোবাইল ফোন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰীৰ সন্ধান চলাবলৈ নিৰ্দেশ দিছে।

কাৰাগাৰত নিয়মবহিৰ্ভূত সামগ্ৰীৰ নিয়ন্ত্ৰণৰ বাবে ভৱিষ্যতেও এই অভিযান অব্যাহত থাকিব বুলি কাৰাগাৰৰ বিষয়াসকলে জানিবলৈ দিয়ে।