NORTHEAST NOW (Assamese)
অসম

পেৰুত চৰকাৰ বিৰোধী প্ৰতিবাদ; নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত কমেও ১২জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2023 12:01 pm

Anti-government protests in Peru পেৰুত এমাহ ধৰি চলি থকা ৰাজনৈতিক সংকটৰ মাজতে শেহতীয়াকৈ হিংসাত্মক ঘটনাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত কমেও ১২ জন লোক নিহত হৈছে। সোমবাৰে প্ৰতিবাদকাৰীসকলে বিমানবন্দৰত একত্ৰিত হ’বলৈ চেষ্টা কৰাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়।

স্থানীয় ন্যায়পালিকা কাৰ্যালয়ৰ এজন বিষয়াই সংবাদ মাধ্যমক জনাইছে যে পুনো অঞ্চলৰ দক্ষিণ-পূব চহৰ জুলিয়াকাত এই ৰক্তাক্ত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি দিনা বোলুয়াৰ্টৰ পদত্যাগ দাবী কৰিছে। যোৱা ৭ ডিচেম্বৰত তদানীত্বন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোক ক্ষমতাচ্যুত কৰি গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

কংগ্ৰেছ ভংগ কৰিবলৈ আৰু ডিক্ৰিৰ দ্বাৰা শাসন আৰম্ভ কৰিবলৈ চেষ্টা কৰাৰ পিছত কাষ্টিলোক অপসাৰণ কৰা হৈছিল। তাৰ পিছত তেওঁ কেইবাটাও দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হৈছিল।

ইয়াৰ পিছতে বহু বছৰ ধৰি চলি থকা ৰাজনৈতিকভাৱে অস্থিৰ দেশখনত বিগত কেইবা সপ্তাহ ধৰি সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে।