NORTHEAST NOW (Assamese)
দেশ

“বহু লোকক সংযোগ কৰি এক মঞ্চ প্ৰদান কৰাত সফল হৈছে ভাৰত জোড়ো যাত্ৰা”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2023 10:11 pm
Rahul Gandhi met Rakesh Tikait

ৰাহুল গান্ধীৰ নেতৃত্বত চলিত ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে লাভ কৰিছে ব্যাপক জনসমৰ্থন। কেইবাগৰাকীও বিশিষ্ট লোকে এই পদযাত্ৰালৈ সমৰ্থন আগবঢ়াই ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিছে। সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে দেশৰ সমাজ-ৰাজনীতিৰ এক চিনাকি মুখ কৃষক নেতা ৰাকেশ টিকাইটে।

ভাৰতীয় কিষাণ ইউনিয়নৰ নেতাগৰাকীয়ে কংগ্ৰেছৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। টিকাইটে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছতে ভাৰত জোড়ো যাত্ৰাৰ প্ৰশংসা কৰি এই কাৰ্যসূচীয়ে বহু লোকক সংযোগ কৰি এক মঞ্চ প্ৰদান কৰাত সফল হৈছে বুলি মন্তব্য কৰে।

গান্ধীৰ সৈতে সাক্ষাতৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কৃষক নেতাগৰাকীয়ে গান্ধীৰ সমুখত তেওঁ কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ কৃষকৰ সমস্যাসমূহ দাঙি ধৰিছে বুলি মন্তব্য কৰে। ছত্তীশগড়ত নতুন ৰাজধানী নিৰ্মাণ কৰাৰ সময়ত কৃষকসকলে উপযুক্ত ক্ষতিপূৰণ লাভ কৰা নাই বুলি গান্ধীৰ আগত উত্থাপন কৰে টিকাইটে।

লগতে তেওঁ হিমাচল প্ৰদেশৰ আপেল খেতিয়ক আৰু জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ কৃষকৰ সমস্যাসমূহ কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীৰ আগত উত্থাপন কৰা বুলি জানিবলৈ দিয়ে। টিকাইটৰ এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত কৃষক সন্তানসকলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰে।

গান্ধীৰ ভাষ্য মতে, যাত্ৰাৰ সময়ত তেওঁ বহু কৃষক সন্তানৰ সৈতে বাৰ্তালাপ কৰে, যিসকলে খেতিৰ বাহিৰে আন ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচাৰে বুলি কয়। আনহাতে ৰাহুল গান্ধীয়ে টিকাইটৰ সৈতে আলোচনাৰ সময়ত যুৱক-যুৱতীসকলক খেতিৰ প্ৰতি উৎসাহিত কৰিব পৰা এক নীতিৰ বিষয়ে উল্লেখ কৰা বুলি টিকাইটে সাংবাদিকৰ আগত সদৰী কৰিছে।

একে সময়তে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ কৃষক পৰিক্ৰমা সমিতিয়ে দলীয় ইস্তাহাৰত নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ সূত্ৰ স্থান দিব বুলি আশ্বাস দিয়ে। ৰাকেশ টিকাইটে অৱশ্যে এই বৈঠকক সম্পূৰ্ণ অৰাজনৈতিক আখ্যা দিয়ে।

টিকাইটে কয় যে বিজেপিকে ধৰি কোনো ৰাজনৈতিক দলে যেতিয়ালৈকে কৃষকৰ সৈতে জড়িত বিষয়ত কথা পাতে তেতিয়ালৈকে তেওঁৰ লগত আলোচনা কৰিবলৈ কোনো সংকোচ নাই।

কৃষকৰ ভোট বেংক প্ৰসংগত তেওঁ কয় যে, কৃষক সংগঠনে কৃষকসকলক কাকো ভোট দিবলৈ নিৰ্দেশনা দিয়া নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰক লৈ কৃষকৰ মাজত ক্ষোভ আছে আৰু আগন্তুক নিৰ্বাচনত ভোটৰ জৰিয়তে তাক প্ৰকাশ কৰিব বুলি তেওঁ লক্ষণীয় মন্তব্য কৰে।