NORTHEAST NOW (Assamese)
জীৱনশৈলী

ঠাণ্ডা দিনত ভৰিত মোজা পিন্ধি শোৱে নেকি? তেন্তে জানি লওঁক এইকেইটা কথা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2023 6:50 am

প্ৰচণ্ড শীতত বহুতৰে অভ্যাস আছে ভৰিত মোজা পৰিধান কৰি শোৱাৰ। বহু ব্যক্তিৰ মাজত এক খুদুৱনি আছে যে ঠাণ্ডা দিনত মোজা পিন্ধি শোৱাটো ভালনে বেয়া।

কোনোৱে কয় যে মোজা পিন্ধি একেবাৰে শুব নালাগে, আন কোনোৱে কয় যে মোজা পিন্ধিলে বহু উপকাৰিতা আছে। আচলতে নিশা মোজা পিন্ধি শুবলৈ যোৱাটো ভাল নে বেয়া?

চিকিৎসকৰ মতে, শীতকালত ৰাতি ভৰি গৰম আৰু সুৰক্ষিত ৰখাৰ বাবে মোজা পিন্ধা ভাল। শৰীৰৰ সাধাৰণ উষ্ণতা নিয়ন্ত্ৰণত এই পদ্ধতি অতি উপযোগী। গোৰোহা ফাটি যোৱা সমস্যা কমোৱা আৰু ৰক্ত সঞ্চালন বৃদ্ধিৰ ক্ষেত্ৰতো এই পদ্ধতি অতি উপকাৰী। ইয়াৰ বাহিৰেও ৰাতি মোজা পিন্ধি শুই থাকিলে আন কিছু উপকাৰ পোৱা যায়।

শীতকালত ভৰি দুখন শৰীৰৰ বাকী অংশতকৈ বহুত শুকান হৈ পৰে। মোজা পিন্ধি শুলে এই সমস্যা কমি যায়।

ৰাতি মোজা পিন্ধি শুলে টোপনি সোনকালে আহে, অনিদ্ৰাৰ সমস্যা কমি যায়। টোপনিও ভাল হয়।

মোজা পিন্ধি শুলে ভৰিৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়।

অধ্যয়নত দেখা গৈছে যে মোজা পিন্ধি শুলে যৌন সংগমত চৰম সুখ লাভ কৰাৰ ক্ষমতা ৩০ শতাংশ পৰ্যন্ত বৃদ্ধি পায়।

বহু সময়ত ৰক্ত সঞ্চালন কমি যোৱাৰ বাবে ভৰি আৰু ভৰিৰ আঙুলি ফুলিবলৈ আৰম্ভ কৰে। ইয়াক চিকিৎসাৰ ক্ষেত্ৰত ৰেডন আক্ৰমণ বুলি কোৱা হয়। মোজা পিন্ধিলে সেই সমস্যাৰ সৃষ্টি নহয়।

চিকিৎসকৰ মতে ঠাণ্ডা বতৰত উল বা কাশ্মীৰী মোজা পিন্ধি শুই থকাটোৱেই উত্তম। আকৌ বেছি টান মোজা পিন্ধিলে শৰীৰত ৰক্ত সঞ্চালন বিঘ্নিত হয়। ফলত হৃদস্পন্দন বৃদ্ধি পাব পাৰে। কেৱল সেয়াই নহয়, যদি ৰক্ত সঞ্চালন সঠিকভাৱে নহয়, তেন্তে মগজুৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন অংগত সমস্যাৰ সৃষ্টি কৰিব পাৰে।