NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

তালিবানৰ বৈদেশিক মন্ত্ৰালয়ৰ বাহিৰত আত্মঘাতী বোমাৰুৱে চলালে সংহাৰ: নিহত কেইবাগৰাকীও

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2023 5:06 pm
Suicide Attack In Kabul

তালিবান শাসিত আফগানিস্তানত পুনৰ সন্ত্ৰাসবাদৰ নৰসংহাৰ। তালিবানে দেশখনৰ ক্ষমতা অধিগ্ৰহণ কৰাৰ পাছত কেইবাটাও বিস্ফোৰণে কঁপাই তুলিছে ৰাজধানী চহৰ কাবুলকে ধৰি দেশৰ বিভিন্ন প্ৰান্ত। বুধবাৰে পুনৰ কাবুলত তালিবানৰ বৈদেশিক মন্ত্ৰালয়ৰ বাহিৰত আত্মঘাতী বোমাৰুৱে চলায় ভয়াৱহ আক্ৰমণ।

এই আক্ৰমণত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইগৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে। কাবুলৰ আৰক্ষী অধীক্ষক খালিদ জাড্ৰানে এই ভয়াৱহ বিস্ফোৰণৰ বিষয়ে সদৰী কৰে।

বিস্ফোৰণৰ পাছতে তালিবান প্ৰশাসন আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠনে উদ্ধাৰ অভিযান চলাই ঘটনাস্থলীৰ পৰা নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

কাবুলৰ এটা অস্ত্ৰোপচাৰ কেন্দ্ৰলৈয়ে ৪০ জনতকৈ অধিক আহত লোকক প্ৰেৰণ কৰা হয় বুলি জানিব পৰা হৈছে। আফগানিস্তানত জৰুৰীকালীন অৱস্থাৰ সঞ্চালক ষ্টেফানো ছ’জাই ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি শংকা প্ৰকাশ কৰিছে।

ইতিমধ্যে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ইছলামিক সন্ত্ৰাসবাদী গোট আইচিছে। তালিবানৰ সৈতে সংঘাতৰ বাবে ইতিপূৰ্বেও আইচিছে কাবুলৰ লগতে আন কেইবাটাও স্থানত বিস্ফোৰণ সংঘটিত কৰিছিল।