NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

নেপাল বিমান দুৰ্ঘটনাত নিহত ৭০ গৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ: ৪২ গৰাকীক চিনাক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2023 10:03 am
Nepal plane crash

দেওবাৰে পুৱা নেপালত সংঘটিত হোৱা ভয়াৱহ বিমান দুৰ্ঘটনাত নিহত হোৱা ৭২ গৰাকী লোকৰ ভিতৰত ৭০ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে। দুৰ্ঘটনাগ্ৰস্ত য়েটি এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমানখনত থকা আন দুগৰাকী ব্যক্তিৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

সোমবাৰে নিশাৰ বাবে উদ্ধাৰ অভিযান স্থগিত ৰখাৰ সময়লৈকে উদ্ধাৰ হোৱা ৭০ টা মৃতদেহৰ ভিতৰত ৪২ টা মৃতদেহ চিনাক্ত কৰা হৈছে বুলি নেপাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, স্থানীয় পোখৰা চিকিৎসালয়ত ২৪ গৰকী মৃত লোকৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। আনহাতে বাকী মৃতদেহ কেইটা উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি কৰ্তৃপক্ষই লগতে কয়।

 

এই ভয়াৱহ দুৰ্ঘটনাই বিশ্বজুৰি এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনাই সোমবাৰে নেপালে ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্ত বিমানখন কাঠমাণ্ডুৰ পৰা পোখাৰা অভিমুখে যাত্ৰা কৰিছিল। দেওবাৰে পুৱা ১০:৩৩ বজাত ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখন।

পুৰণি ঘৰুৱা বিমানবন্দৰ আৰু পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজত বৈ যোৱা ছেতী গণ্ডাকি নদীৰ পাৰত অৱস্থিত বনাঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত বিমানখনত ৫৩ গৰাকী নেপালী যাত্ৰী, পাঁচজন ভাৰতীয়, চাৰিজন ৰাছিয়ান, এজন আইৰিছ নাগৰিক, দুজন কোৰিয়ান, এজন আৰ্জেণ্টিনাৰ আৰু এজন ফ্ৰান্সৰ নাগৰিক আছিল।