NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ শিক্ষা ব্যৱস্থাক মুনাফা অৰ্জনৰ আহিলা ৰূপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2023 8:22 pm
AAP Assam

চলিত বৰ্ষৰ গুণোৎসৱত ৰাজ্যৰ শিক্ষা বিভাগৰ অদক্ষতাৰ ফলত সৃষ্টি হৈছে চূড়ান্ত বেমেজালি। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰিছে আম আদমি পাৰ্টী। আপৰ অভিযোগ মতে সৰ্বশিক্ষাই নিৰীক্ষক ৰূপে নিৰ্বাচন কৰা শিক্ষকসকলৰ বহুৰে মৃত্যু ঘটিছে, লগতে বহুতো শিক্ষক স্বাস্থ্যজনিত কাৰণত ছুটীত আছে।

এনে পৰিস্থিতিত বিদ্যালয় আৰু শিক্ষাৰ্থীৰ প্রকৃত মূল্যায়ন নহ’ব বুলি দলটোৱে অভিযোগ কৰিছে৷ এক বিবৃতিযোগে আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে ২০১৭ চনৰ গুণোৎসৱৰ ফলাফলৰ পাছতো বিজেপি চৰকাৰে বিশেষ ব্যৱস্থা নকৰি ভাল ফলাফল দেখুৱাব নোৱাৰা বিদ্যালয়ৰ বাবে শিক্ষককে জগৰীয়া কৰি এফালৰ পৰা বিদ্যালয়সমূহ বন্ধ কৰি গৈছে।

লগতে ২০১৭ চনৰ পৰা বৰ্তমানলৈকে চলা গুণোৎসৱৰ প্রধান কাম এতিয়া চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাহে হৈ পৰিছে বুলি উল্লেখ কৰে আপৰ নেতাগৰাকীয়ে। বিগত বৰ্ষৰ গুণোৎসৱত যিবোৰ বিদ্যালয়ে সাফল্য দেখুৱাব পৰা নাই, সেইসমূহ বিদ্যালয়ৰ উন্নয়নৰ বাবে চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি তেওঁ লগতে দাবী কৰে।

ভবেন চৌধুৰীয়ে লগতে কয় যে অসম চৰকাৰে অসমৰ শিক্ষা ক্ষেত্ৰখনৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ ওপৰত দি চৰকাৰৰ দায়িত্ব সামৰাৰ ব্যৱস্থা কৰিছে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিজৰ দায়িত্ব সামৰি ব্যক্তিগত খণ্ডৰ হাতত অসমৰ শিক্ষা ব্যৱস্থাক মুনাফা অৰ্জনৰ আহিলাৰূপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে বুলি আম আদমি পাৰ্টীয়ে অভিযোগ কৰে। লগতে

তদুপৰি আপে বৰ্তমানৰ চৰকাৰখনক এই বেমেজালি তথা বহু খেলিমেলিৰে কোটি কোটি টকা খৰচ কৰি গুণোৎসৱ পতাৰ পৰিৱতে অসমৰ শিক্ষাৰ আন্তঃগাঁথনি আৰু শিক্ষাৰ মান উন্নত কৰিবলৈ আহ্বান জনায়।

আপৰ মতে, অসমৰ বিদ্যালয়ৰ মূল সমস্যা ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, বিদ্যালয় গৃহৰ সমস্যা, বিদ্যালয় এখনত থাকিব লগা পুথিভঁৰাল, বিজ্ঞানগাৰৰ অভাৱ, বিদ্যুৎ সংযোগ,খোৱা-পানী, শৌচালয়ৰ অভাৱ, সুস্থ খেলা-ধূলাৰ পৰিৱেশৰ অভাৱ।

গুণোৎসৱৰ লগতে এই বিষয়সমূহৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি দলটোৱে বিবৃতি যোগে ৰাজ্য চৰকাৰলৈ পৰামৰ্শ আগবঢ়ায়।