NORTHEAST NOW (Assamese)
Popular Stories

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2023 9:19 am

শুনা যায় যে কুম্ভীৰে পানীত নমাৰ পিছত পালে মানুহক টানি নিয়ে। কিন্তু কুম্ভীৰে পানীত ডুব যোৱা কাৰোবাক ঘূৰাই দিছে, এনে কথা কেতিয়াবা শুনিছেনে? শেহতীয়াকৈ তেনে এটা আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে।

যিবোৰ নদীত কুম্ভীৰ দেখা যায়, সেই নদীবোৰত পানীত নমাটো যে বিপদজনক সেইটো কোৱাৰ প্ৰয়োজন নাই। পানীত নমাৰ পিছত কুম্ভীৰে কাক কেতিয়া টানি নিয়ে তালৈ সকলোৱে ভয় কৰে। কিন্তু শেহতীয়া এটা ঘটনাত সেই ধাৰণা সলনি হৈছে। দেখা গৈছে যে টানি নিয়াৰ পৰিৱৰ্তে, এটা কুম্ভীৰে পানীত ডুব যোৱা এটা শিশুক ঘূৰাই দিছে।

অৱশ্যে শিশুটো আৰু তেতিয়া জীৱিত নাছিল। ইতিমধ্যে পানীত ডুবি শিশুটিৰ মৃত্যু ঘটিছিল। কিন্তু তাৰ মৃতদেহ পৰিয়ালে উদ্ধাৰ কৰিব পৰা নাছিল। আৰু সেয়া কৰি দিছিল এটা কুম্ভীৰে। প্ৰকৃতিৰ আটাইতকৈ হিংসাত্মক হত্যাকাৰী হিচাপে চিনাক্ত কৰা প্ৰাণীটোৰ আচৰণত হতবাক হৈ পৰিছে উদ্ধাৰকাৰী দলটোৰ সদস্যসকল।

প্ৰকৃততে কি ঘটিছিল? জানিব পৰা মতে এই আশ্চৰ্যজনক ঘটনাটো ইণ্ডোনেছিয়াত সংঘটিত হৈছে। পূব কালিমান্তানৰ এটি চাৰি বছৰীয়া শিশু দুদিন ধৰি সন্ধানহীন হৈ আছিল। স্থানীয় উদ্ধাৰকাৰী দলৰ সদস্যসকলে মহম্মদ জিয়াদ ৱিজায়া নামৰ শিশুটিক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল।

গম পোৱা মতে শিশুটি অকলেই খেলিবলৈ ঘৰৰ ওচৰৰ মহাকাম নদীত নামি পৰিছিল। সকলোৱে ধৰি লৈছিল যে পানীত ডুবি শিশুটিৰ মৃত্যু হৈছে। তথাপিও পৰিয়ালৰ সদস্যসকলে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিব পৰাৰ আশা বুকুত বান্ধি ৰৈছিল। কিন্তু বিচাৰি পোৱা নগ’ল।

অৱশেষত, নদীত মাছ ধৰা নাও এখনত থকা মাছমৰীয়াসকলে এটা বিশাল আকাৰৰ কুম্ভীৰ সাঁতুৰি তেওঁলোকৰ পিনে আহি থকা দেখে। আৰু তাৰ পিঠিত সেই শিশুটিৰ মৃতদেহ। শিশুটিক নাওখনৰ কাষত পেলাই দি কুম্ভীৰটো গভীৰ পানীৰ মাজলৈ ঘূৰি গ’লল। শিশুটিৰ মৃতদেহত কুম্ভীৰৰ দাঁতৰ কোনো চিহ্ন নাছিল।

সমীক্ষা অনুসৰি, প্ৰতি বছৰে, বিশ্বজুৰি প্ৰায় ১,০০০ লোক কুম্ভীৰৰ পেটলৈ যায়।  সেইকাৰণেই এই প্ৰাণীটোক প্ৰকৃতিৰ আটাইতকৈ হিংসাত্মক হত্যাকাৰী হিচাপে চিহ্নিত কৰা হয়। কিন্তু এই ঘটনাৰ পিছত সেই ধাৰণা হয়তো অলপ হ’লেও সলনি হ’ব পাৰে।