NORTHEAST NOW (Assamese)
অসম

ডোনাল্ড ট্ৰাম্পৰ অদ্ভুত দাবী-“২৪ ঘণ্টাৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰি দিম”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2023 7:36 am

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে যে তেওঁ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সমাপ্ত কৰিব পাৰে। শুকুৰবাৰে তেওঁ তেওঁৰ সামাজিক মাধ্যমত স্পষ্টভাৱে কৈছে যে যদি তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’লহেঁতেন, তেন্তে তেওঁ এদিনৰ ভিতৰতে এই বিধ্বংসী যুদ্ধ বন্ধ কৰি দিলেহেঁতেন।

ট্ৰাম্পে দাবী কৰে যে যদি তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’লহেঁতেন তেন্তে যুদ্ধ আৰম্ভই নহ’লহেঁতেন। বৃহস্পতিবাৰে ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি কয় যে যুদ্ধ তৎক্ষণাৎ বন্ধ হ’ব লাগে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে শেহতীয়াকৈ ফেচবুক আৰু টুইটাৰত তেওঁৰ প্ৰ’ফাইল ঘূৰাই পাইছে। তেতিয়াৰ পৰা তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কে কেইবাটাও টুইট টুইট কৰিছে। তেওঁ বৃহস্পতিবাৰে বিডেনক কয়, “এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনক যুদ্ধৰ বাবে টেংক দিছে, প্ৰয়োজন হ’লে ইয়াৰ পিছত পাৰমাণৱিক অস্ত্ৰও দিব। সময় অপচয় নকৰাকৈ এই বিধ্বংসী যুদ্ধ বন্ধ কৰক। এই যুদ্ধ সহজে বন্ধ কৰিব পাৰি।‘’

উল্লেখ্য যে ৰাছিয়াইও কেইবাবাৰো এই দাবী কৰিছে। পুটিনৰ দেশখনে দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰকৃততে ইউক্ৰেইনক অস্ত্ৰ প্ৰদান কৰি যুদ্ধ দীঘলীয়া কৰি আছে।

ট্ৰাম্পে শুকুৰবাৰে আন এটা পোষ্ট কৰিছিল। তেওঁ পোনপটীয়াকৈ দাবী কৰে যে যদি তেওঁ সুযোগ পায়, তেন্তে তেওঁ এদিনৰ ভিতৰতে এই যুদ্ধ বন্ধ কৰিব পাৰে।

ট্ৰাম্পৰ দাবী,”মই যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’লোহেঁতেন, তেন্তে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বিধ্বংসী যুদ্ধ আৰম্ভই নহ’লহেঁতেন। যদি এতিয়াও মোক  ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰে, তেন্তে মাত্ৰ ২৪ ঘণ্টা সময় লাগিব। আলোচনাৰ জৰিয়তে দুয়োপক্ষৰ সন্মতিৰে এই যুদ্ধ বন্ধ কৰি দিম। সাধাৰণ মানুহে যিধৰণে প্ৰাণ হেৰুৱাইছে সেয়া গ্ৰহণ কৰিব নোৱাৰি।‘’

এই টুইটৰ পিছত ট্ৰাম্পৰ অনুগামীসকলেও দাবী কৰিছে যে কেৱল ট্ৰাম্পেহে এই যুদ্ধ বন্ধ কৰিব পাৰে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক কেপিটল হিলছৰ হিংসাৰ পিছত কমেও দুবছৰৰ বাবে ফেচবুকত নিষিদ্ধ কৰা হৈছিল। অৱশ্যে, মেটাই বৃহৎ লোকচানৰ সন্মুখীন হৈ তেওঁৰ অৱৰুদ্ধ একাউণ্টটো ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁলোকে দাবী কৰে যে সাধাৰণ মানুহে ৰাজনীতিবিদসকলে কি কৈছে জানিব বিচাৰে। গতিকে মেটাই ট্ৰাম্পৰ অৱৰুদ্ধ একাউণ্টটো ঘূৰাই দিছে।

আনহাতে, একে সময়তে ট্ৰাম্পে টুইটাৰ আৰু ফেচবুকত তেওঁৰ প্ৰ’ফাইল ঘূৰাই পাইছে। তেতিয়াৰ পৰা তেওঁ বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰক নিৰন্তৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে।