NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 30, 2023 9:10 am
Earthquake In Iran

এক ভয়াৱহ ভূমিকম্পই শনিবাৰে নিশা ধ্বংসস্তূপত পৰিণত কৰিলে উত্তৰ-পশ্চিম ইৰান। ৫.৯ ৰিখটাৰৰ এক প্ৰবল ভূমিকম্পই তুৰস্কৰ সীমান্তৰ সমীপৰ অঞ্চলটো কঁপাই তোলাৰ পিছত প্ৰায় তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৮০০ ৰো অধিক লোক আহত হয়।

ভূমিকম্পৰ ফলত অঞ্চলটোৰ অট্টালিকাসমূহ মুহূৰ্তৰ ভিতৰে ধ্বংসাৱশেষত পৰিণত হয়। এনে ভয়ংকৰ পৰিস্থিতিত আতংকিত স্থানীয় বাসিন্দাসকলে ঘৰৰ পৰা পলায়ন কৰি নিৰাপদ আশ্ৰয়স্থল বিচাৰি ওলাই যোৱাৰ সময়ত আহত হয় শতাধিক লোক।

তেহৰাণ বিশ্ববিদ্যালয়ৰ ভূমিকম্পবিজ্ঞান কেন্দ্ৰই দেওবাৰে সদৰী কৰা মতে, শনিবাৰে নিশা ৯:৪৪ বজাত পশ্চিম আজাৰবাইজান প্ৰদেশৰ প্ৰায় ২ লাখ জনসংখ্যাৰ খোয় চহৰত এই প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।

পশ্চিম আজাৰবাইজানৰ গৱৰ্ণৰ মহম্মদ ছাদেগ মোটামেডিয়ানৰ ভাষ্য অনুসৰি এই ভূমিকম্পৰ ফলত ৮১৬ গৰাকী আহত আৰু তিনিগৰাকী লোকৰ মৃত্যু হৈছে।

Strong quake in northwest Iran kills at least three people

ইৰাণৰ ইলেক্ট্ৰনিক তথা প্ৰিণ্ট সংবাদ মাধ্যমে প্ৰকাশ কৰা দৃশ্য তথা ছবিসমূহত এই ভয়াৱহ দুৰ্যোগৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ৮০০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অঞ্চলটোত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰৰ বাবে ইৰান প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

Strong quake in northwest Iran kills at least three people | Arab News

ইৰাণৰ স্বৰাজ মন্ত্ৰী আহমদ ৱাহিদীয়ে খোয় ভ্ৰমণ কৰি পৰিস্থিতি নিৰীক্ষণ কৰে। দুৰ্গত সকলৰ উদ্ধাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি তেওঁ ভূমিকম্পৰ ফলত অঞ্চলটোত পানী, বিদ্যুৎ আৰু গেছৰ সংযোগত প্ৰভাৱ পৰিছিল যদিও পুন সংযোগ কৰা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে।

উল্লেখ্য যে কেইবাখনো বৃহৎ টেকটনিক প্লেটৰ সীমাত থকা ইৰান সঘনাই ভূমিকম্পৰ সন্মুখীন হ’বলগীয়া হৈছে। অতি শেহতীয়াকৈ যোৱা ১৮ জানুৱাৰীত খোয়ৰ ওচৰতে ৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পত শতাধিক লোক আহত হৈছিল।