NORTHEAST NOW (Assamese)
অসম

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 30, 2023 7:26 pm

সম্পূৰ্ণ হ’ল ৭৫ বছৰ। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত গান্ধীজীক হত্যা কৰা হৈছিল। তিনিটা গুলীয়ে তেওঁক উপৰ্যুপৰি আঘাত কৰিছিল। ঘটনাস্থলীতে মৃত্যু হৈছিল । আজি সেই বিশেষ দিন জাতিৰ পিতা মহাত্মা গান্ধীৰ। আজি সমগ্ৰ দেশে তেওঁৰ মৃত্যু বাৰ্ষিকী উদযাপনত কৰিছে।

এই মহান ব্যক্তিগৰাকীয়ে যে কেৱল দেশলৈ স্বাধীনতা আনিছিল সেয়া নহয়, তেওঁ গোটেই জীৱন সাধাৰণ মানুহৰ বাবে যুঁজ দিছিল। তেওঁৰ বহুতো উদ্ধৃতিয়ে আজিও সাধাৰণ মানুহক অনুপ্ৰাণিত কৰি আহিছে।

আজি তেওঁৰ মৃত্যুবাৰ্ষিকীত এনে কিছুমান বিশেষ উদ্ধৃতি স্মৰণ কৰাৰ সময়, যিয়ে জীৱনত আগবাঢ়ি যোৱাৰ পথত অনুপ্ৰেৰণা দিব। এবাৰ পঢ়ি চাওক-

* অধিক উপদেশতকৈ অলপ অভ্যাসে ভাল।

* মানুহ হৈছে তেওঁৰ চিন্তাধাৰাৰ দ্বাৰা সৃষ্ট প্ৰাণী, তেওঁ যি ভাবে সেয়াই হৈ যায়।

* আপুনি গোটেই বিশ্বৰ সকলোৰে মাজত চাব বিচৰা সেই পৰিৱৰ্তনটো নিজৰ মাজতে আৰম্ভ কৰক।

* ক্ৰোধ আৰু অসহিষ্ণুতা হৈছে সঠিক বোধগম্যতাৰ শত্ৰু।

* নিজৰ প্ৰয়োজনত দৃঢ়প্ৰতিজ্ঞ সৰু প্ৰাণীয়ে ইতিহাস সলনি কৰিব পাৰে।

* জনসাধাৰণৰ সমৰ্থন অবিহনে সত্য অবিচল হৈ থাকে, সত্য আত্মনিৰ্ভৰশীল।

* যেতিয়া আপোনাৰ চিন্তা, শব্দ আৰু কাৰ্য্যবোৰ সামঞ্জস্যপূৰ্ণ হয় তেতিয়াহে আপুনি সুখী হ’ব।

* যদি আপুনি সঠিক পথ বাছনি কৰে, আশা এৰি নিদিব। কিয়নো, যিমানেই বাধা-বিপত্তি নাহক কিয়, এদিন ভাল মানুহৰ জয় হ’বই।

* এজন ব্যক্তিৰ জীৱন কিমান ধুনীয়া হ’ব সেয়া তেওঁৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যদি আপুনি ভিতৰৰ পৰা এজন ব্যক্তিক জানিব বিচাৰে, তেন্তে তেওঁৰ মানসিকতা কেনেকুৱা জানিবলৈ চেষ্টা কৰক।

* যিদৰে লেতেৰা ভৰিৰে ঘৰৰ ভিতৰলৈ অহাটো উচিত নহয়, ঠিক তেনেদৰে নেতিবাচক চিন্তাক প্ৰশ্ৰয় দিয়া অনুচিত।

* হিংসাই সৃষ্টি কৰিব নাজানে, ই কেৱল ধ্বংস কৰে।

* যি সত্যৰ নম্ৰতাৰ আঁচ নাই, সেই সত্য অহংকাৰীৰ কৌতুকৰ বাহিৰে আন একো নহয়।

* মই যেনেকুৱা, ঠিক তেনেকৈয়ে মোক তুলি ধৰাটোৱে হ’ল প্ৰকৃত স্বাধীনতা।

* বিশ্বৰ সকলো ধৰ্মৰ আন বিষয়ত ভিন্ন দৃষ্টিভংগী দাঙি ধৰিলেও, এটা বিষয়ত একমত যে পৃথিৱীত সত্যৰ বাহিৰে আন একোৱেই চিৰকাল বৰ্তি নাথাকে।

* নিজৰ ভুল স্বীকাৰ কৰাটো মাটিত ঝাড়ু দিয়াৰ দৰে, যিয়ে মাটিখিনি উজ্জ্বল আৰু পৰিষ্কাৰ কৰে।