NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত হিমস্খলনত দুই বিদেশী পৰ্যটকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2023 5:08 pm

জম্মু আৰু কাশ্মীৰৰ গুলমাৰ্গৰ বিখ্যাত স্কি ৰিজৰ্টত এটা প্ৰচণ্ড হিমস্খলনৰ ফলত পৰ্যটকৰ এটা দল আক্ৰান্ত  হৈছে। ঘটনাটোত দুজন পোলেণ্ডৰ নাগৰিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাস্থলীৰ পৰা ১৯ জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান অতি দ্ৰুতগতিত সম্পন্ন কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে।

ইপিনে, তুষাৰপাতৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এক বিবৃতিত আৰক্ষীয়ে কয় যে গুলমাৰ্গৰ বৰফৰ মাজত উদ্ধাৰ অভিযান চলি আছে। বাৰামুলা আৰক্ষীৰ দল আৰু অন্যান্য উদ্ধাৰকাৰী গোট কৰ্তব্যত নিৰন্তৰ লাগি আছে।

জানিব পৰা মতে, এতিয়ালৈকে ২১ জন বিদেশী নাগৰিকক সফলতাৰে উদ্ধাৰ কৰা হৈছে। দুজন বিদেশী নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আইনী প্ৰক্ৰিয়াৰ বাবে তেওঁলোকৰ মৃতদেহ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।