NORTHEAST NOW (Assamese)
অসম

নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি ধৰ্ষণ যুৱতীক : ধৰ্ষিতাক এৰি পলায়ন যুৱকৰ

Posted by: এন ই নাও নিউজ January 18, 2019 1:38 pm
oyo-3608-hotel-sun-city

পুনৰ গুৱাহাটীৰ পল্টনবজাৰত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। পল্টন বজাৰৰ হোটেল চানচিটীত নলবাৰীৰ এগৰাকী ২২ বছৰীয়া যুৱতীক দুজন যুৱকে বলাৎকাৰ কৰি পলায়ন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা পহিলা জানুৱাৰীৰ নিশা খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি এই জঘন্য কাণ্ড সংঘটিত কৰে ইমদাদুল ইছলাম নামৰ ভণ্ড প্ৰেমিকগৰাকীৰ লগতে আন এজন যুৱকে। তদুপৰি, যুৱক দুজনে যুৱতীগৰাকীক বলাৎকাৰ কৰি হোটেলত এৰি পলায়ন কৰে।

জানিব পৰা মতে, প্ৰেমৰ অভিনয় কৰি ধুবুৰীৰ ইমদাদুল ইছলামে নলবাৰীৰ পৰা যুৱতীগৰাকীক মহানগৰীৰ পল্টবজাৰস্থিত হোটেল চানচিটিলৈ লৈ আনিছিল। আনহাতে, ইমদাদুলে আন এজন যুৱককো হোটেললৈ মাতি পঠিয়াইছিল।

নিশা পাষণ্ড যুৱক দুজনে হোটেলখনৰ ৩০৯নং কোঠাত যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্য মিহলোৱা খাদ্য খুৱাই অচেতন কৰি ধৰ্ষণ কৰাৰ পাছত হোটেলৰ পৰা পলায়ন কৰে।

ইপিনে, ভুক্তভোগী যুৱতীগৰাকীয়ে ইমদাদুলক উপৰ্যুপৰি ফোন কৰিও কোনো সঁহাৰি নোপোৱাত অৱশেষত পল্টন বজাৰ থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে পাষণ্ড ধৰ্ষণকাৰী যুৱক দুজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।