NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ বৰ্ষাপাৰাত ৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব ভাৰত-ইংলেণ্ড মহিলা ক্ৰিকেট টী-২০ ছিৰিজ

Posted by: এন ই নাও নিউজ January 18, 2019 12:42 pm
AP6_24_2017_000189B

আগন্তুক ইংলেণ্ড মহিলা ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণত আলহী দলটোৱে ঘৰুৱা দলটোৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া আৰু টী-২০ ছিৰিজত অংশ ল’ব। ইয়াৰে টী-২০ ছিৰিজৰ তিনিওখন মেচেই অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিছে বি চি চি আয়ে।

জানিব পৰা মতে, টী-২০ ছিৰিজৰ প্ৰথমখন অহা মেচ ৪ মাৰ্চত অনুষ্ঠিত হ’ব। নিৰ্দ্ধাৰিত সূচী অনুসৰি ইংলেণ্ড আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ মাজৰ আন দুখন টী-২০ মেচ ক্ৰমে ৭ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব।

আনহাতে, টী-২০ ছিৰিজৰ তিনিওখন খেলেই দিনৰ ১০ বজাৰ পৰা আৰম্ভ হ’ব। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টী-২০ ছিৰিজৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামখন শীঘ্ৰেই সাজু কৰি তোলা হ’ব।

ইপিনে, এই ভ্ৰমণটোত ইংলেণ্ড মহিলা ক্ৰিকেট দলটোৱে ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া ছিৰিজৰ তিনিখন মেচ মুম্বাইত খেলিব। এদিনীয়া ছিৰিজৰ প্ৰথমখন মেচ ২২ ফেব্ৰুৱাৰিত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। তদুপৰি, এদিনীয়া ছিৰিজৰ আন দুখন খেল ক্ৰমে ২৫ আৰু ২৮ ফেব্ৰুৱাৰিত ৱানখেড়ে ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব।

বিচিচিআইয়ে জানিবলৈ দিয়া মতে, এদিনীয়া মেচকেইখন পুৱা ৯ বজাৰপৰা আৰম্ভ হ’ব। আনহাতে, এদিনীয়া ছিৰিজটো আৰম্ভ হোৱাৰ পূৰ্বে আলহী দলটোৱে অহা ১৮ ফেব্ৰুৱাৰিত বি পি একাদশৰ বিৰুদ্ধে ৱানখেড়ে ষ্টেডিয়ামতে এখন অনুশীলনমূলক মেচতো অংশ ল’ব।