NORTHEAST NOW (Assamese)
অসম

প্ৰাপ্তবয়স্ক যৌন পুতলা আমদানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে দক্ষিণ কোৰিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2022 7:51 pm

কেইবামাহৰ পিছত দক্ষিণ কোৰিয়াৰ প্রশাসনে অৱশেষত প্ৰাপ্তবয়স্ক-আকৃতিৰ যৌন পুতলা আমদানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, চৰকাৰে মানুহৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰা বিষয়ত একাধিক বিতৰ্কৰ পিছত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছে।

সংশোধিত নিৰ্দেশনা অনুসৰি, কেৱল প্ৰাপ্তবয়স্ক আকৃতিৰ পুতলাবোৰ শুল্ক বিভাগৰ (custom) জৰিয়তে হয়। নিৰ্দেশনাৱলীত লগতে কোৱা হৈছে যে নাবালকক প্ৰতিফলিত কৰা শিশুসদৃশ পুতলা এতিয়াও নিষিদ্ধ।

লগতে পঢ়ক: ১০২ টা সন্তানৰ পিতৃৰ ১২ গৰাকী পত্নীক নিৰ্দেশ, ‘আৰু নহয়, এতিয়া গৰ্ভনিৰোধক টেবলেট খোৱা’

উল্লেখ্য যে দক্ষিণ কোৰিয়াত যৌন পুতলা অবৈধ নহয় যদিও ২০১৮ চনৰ পৰা শুল্ক বিভাগে এনেকুৱা হাজাৰ হাজাৰ পুতলা জব্দ কৰিছিল।

দক্ষিণ কোৰিয়াৰ পৰম্পৰা আৰু ৰাজহুৱা নৈতিকতাৰ ক্ষতি কৰা বুলি বিবেচিত জীৱনাকৃতিৰ যৌন পুতলাৰ ওপৰত সামগ্ৰী নিষিদ্ধ কৰা এক আইনৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

কেইবাজনো আমদানিকৰ্তাই আদালতলৈ গৈ নিষেধাজ্ঞা উঠাই ল’বলৈ আবেদন জনাই কৈছিল যে এই সামগ্ৰীবোৰে মানুহৰ মৰ্যাদাৰ ওপৰত প্ৰভাৱ নেপেলায়।

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত কাৰাবাস হোৱা দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লী মিয়াঙক ৰাষ্ট্ৰপতিৰ ক্ষমা দান

উচ্চতম ন্যায়ালয়ে ২০১৯ চনত কৈছিল যে যৌন পুতলাবোৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয় আৰু পৰ্ণগ্ৰাফীৰ দৰে একে শ্ৰেণীৰ অন্তৰ্গত, যিটো কঠোৰভাৱে নিয়ন্ত্ৰিত, কিন্তু আইনী।