NORTHEAST NOW (Assamese)
অসম

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2023 8:49 am

প্লাষ্টিকৰ আটাইতকৈ ক্ষুদ্ৰ কণা মাইক্ৰ’প্লাষ্টিক মানুহৰ তেজত পোৱা গৈছে।  প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে ইয়াক মানুহৰ শিৰাৰ ভিতৰত বিচাৰি পাইছে। নতুন গৱেষণাই দাবী কৰিছে যে প্লাষ্টিক মানুহৰ তেজত ভাঁহি থাকিব পাৰে। আৰু ই ক’লাকোষত জমা হ’ব পাৰে।

কিন্তু বিজ্ঞানীসকলে এতিয়ালৈকে মানুহৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ কি সেয়া সঠিককৈ ক’ব পৰা নাই। গৱেষকসকলে জানিবলৈ দিয়া মতে, খাদ্যৰ পেকেট আৰু কৃত্ৰিম ৰঙত থকা প্লাষ্টিক পোৱা গৈছে।

এই সম্পৰ্কে গৱেষণা পত্ৰখন ‘প্লাছ ৱান’ জাৰ্ণেলত প্ৰকাশিত হৈছে। জানিব পৰা গৈছে যে বাইপাছ চাৰ্জাৰিৰ সময়ত ৰোগীৰ শৰীৰৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল। পিছত, হাল বিশ্ববিদ্যালয় আৰু হাল য়ৰ্ক মেডিকেল স্কুলৰ গৱেষকৰ এটা দলে ইয়াৰ ওপৰত গৱেষণা চলাইছিল।

গৱেষকসকলে প্ৰতিগ্ৰাম শিৰাৰ ভিতৰত ১৫ প্ৰকাৰৰ মাইক্ৰ’প্লাষ্টিক কণা আৰু পাঁচটা বিভিন্ন প্ৰকাৰৰ পলিমাৰ বিচাৰি পাইছে। ইয়াৰ ভিতৰত সৰ্বাধিক পৰিমাণ পোৱা গৈছে এলকাইড ৰেছিন, যিটো সাধাৰণতে কৃত্ৰিম ৰঙত পোৱা যায়।

ইপিনে, এই অধ্যয়নৰ ফলাফলক লৈ যথেষ্ট উদ্বিগ্ন সংশ্লিষ্ট মহল। তেজ আৰু ক’লাকোষত প্লাষ্টিক থকাৰ ফলত কি ক্ষতি হ’ব পাৰে সেয়া এতিয়াও জনা হোৱা নাই যদিও অতীতত বিভিন্ন পৰীক্ষাত যি ধৰণৰ ইঙ্গিত পোৱা গৈছিল তাক লৈ উদ্বেগ বৃদ্ধি পাইছে।

গৱেষক অধ্যাপক জেনেট্টি ৰচেলে কয়, “মই সঠিকভাৱে নাজানো যে মানৱ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে।কিন্তু মই এইটো ক’বই পাৰোঁ যে গৱেষণাই দেখুৱাইছে কোষৰ ভিতৰত প্ৰদাহ আৰু চাপ সৃষ্টি হ’ব পাৰে।”

উল্লেখ্য যে যোৱা বছৰ মাতৃদুগ্ধত প্লাষ্টিক পোৱা গৈছিল। ইটালীৰ এদল গৱেষকে এই তথ্য আৱিষ্কাৰ কৰিছিল। এটা সংস্থাই নৱজাতক শিশুৰ সমস্যাৰ ওপৰত গৱেষণা কৰি আছিল। তাত, মাতৃদুগ্ধৰ লাভালাভ পৰীক্ষা কৰিবলৈ ৩৪গৰাকী মাতৃৰ পৰা মাতৃদুগ্ধ সংগ্ৰহ কৰা হৈছিল। কিন্তু সুক্ষ্ম নিৰীক্ষণত সেই গাখীৰ দেখি বিজ্ঞানীসকলৰ চকু কপালত উঠিছিল। তেওঁলোকে গাখীৰত বহুতো মাইক্ৰ’প্লাষ্টিক পাইছিল। এইবাৰ তেজত সেই মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে।