NORTHEAST NOW (Assamese)
Popular Stories

সমাগত ১৪ ফেব্ৰুৱাৰী: প্ৰেমাস্পদক আলিংগনৰ বাবে নহয়, সাজু হওক গৰু আলিংগনৰ বাবে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2023 6:27 pm
Cow Hug Day

আৰু কেইদিনমানৰ পিছতেই, ১৪ ফেব্ৰুৱাৰীত বিশ্বজুৰি পালন কৰা হ’ব প্ৰেমৰ দিন ‘ভেলেণ্টাইন ডে’। প্ৰেমৰ দিনটোৰ উদযাপনৰ সাজু হৈছে প্ৰেমিক যুগল। পিছে ভাৰতৰ অলেখ অযুত প্ৰেমিকাই ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ নহয়, ‘গৰু আলিংগন দিৱস’হে উদযাপন কৰিব! কেৱল প্ৰেমিক-প্ৰেমিকা বুলিয়েই নহয়, সমগ্ৰ দেশবাসীয়েই ১৪ ফেব্ৰুৱাৰীত পালন কৰিব গৰু আলিংগন দিৱস!

১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন দিৱস পালন কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে। এক বিবৃতি যোগে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰী দিনটো ‘গৰু আলিংগন দিৱস’ হিচাপে উদযাপন কৰিব লাগে বুলি প্ৰকাশ কৰিছে।

বিবৃতিটোত ব’ৰ্ডে কয়, “আমি সকলোৱে জানো যে গৰু ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড, আমাৰ জীৱন জীয়াই ৰাখে, গৰু সম্পদ আৰু জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে।” মাতৃৰ দৰে স্বভাৱৰ বাবেই গৰুক ‘কামধেনু’ আৰু ‘গৌমাতা’ বুলি জনা যায় বুলি ব’ৰ্ডে লগতে কয়।

যোৱা ৬ ফেব্ৰুৱাৰীত জাৰি কৰা আৰু অফিচিয়েল ৱেবছাইটত উপলব্ধ এই বিবৃতিত ব’ৰ্ডে লগতে গৰুক মানুহক ধনৱন্ত কৰি তোলা সকলো দ্ৰব্যৰে দাতা বুলি উল্লেখ কৰিছে। চৰকাৰী সংস্থাটোৰ মতে, পশ্চিমীয়া সংস্কৃতিৰ মাজত বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আৰু এই কাৰণতে এনে এটা দিনৰ প্ৰয়োজন।

“গৰুৰ অপৰিসীম উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি গৰুৰ সৈতে আলিংগন কৰিলে আৱেগিক সমৃদ্ধি আহিব আৰু তেতিয়া আমাৰ ব্যক্তিগত আৰু সামূহিক সুখ বৃদ্ধি পাব।”- বিবৃতিটোত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে লগতে কয়।

ব’ৰ্ডৰ মতে, “সেয়েহে সকলো গৰুপ্ৰেমীয়েও ১৪ ফেব্ৰুৱাৰীক গৰু আলিংগন দিৱস হিচাপে উদযাপন কৰিব পাৰে আৰু মাতৃ গৰুৰ গুৰুত্বৰ কথা মনত ৰাখি জীৱনটো সুখী আৰু ইতিবাচক শক্তিৰে ভৰা কৰি তুলিব পাৰে।”

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰী দিনটোত বিশ্বত ভেলেণ্টাইন ডে’ হিচাপে পালন কৰা হয়। কিন্তু ভাৰতৰ হিন্দুত্ববাদী সংগঠনসমূহে ভেলেণ্টাইন ডে’ ভাৰতীয় সংস্কৃতি বিৰোধী বুলি উল্লেখ কৰি ভেলেণ্টাইন ডে’ উদযাপনৰ বিৰোধিতা কৰি আহিছে।

কেৱল সিমানেই নহয়, ভেলেণ্টাইন ডে’ পালন কৰা প্ৰেমিক-প্ৰেমিকাসকলক সংঘ পৰিয়ালৰ অন্তৰ্ভুক্ত একাংশ হিন্দুত্ববাদী সংগঠনে হাৰাশাস্তি কৰাও বিগত সময়ত দেখিবলৈ পোৱা গৈছে।