NORTHEAST NOW (Assamese)
অসম

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2023 7:27 pm
Pollution in Guwahati

বিগত কিছুদিন ধৰি অত্যন্ত দুৰ্বল হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক। নিৰ্মীয়মান প্ৰকল্প আৰু ধূলিয়ে মহানগৰীৰ পৰিৱেশ অৱনমিত কৰি তোলাৰ ফলত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে জনসাধাৰণ।

আজি বিয়লি অতি ধূলিয়ৰি হৈ পৰে মহানগৰী। গুৱাহাটীৰ আকাশ-বতাহ ছানি ধৰে ধূলিয়ে। এনে গুৰুতৰ পৰিস্থিতিত সংকিত হৈ পৰিছে মহানগৰবাসী। বিয়লি ৪ বজালৈ বায়ুৰ গুণাগুণ সূচাংক ‘দুৰ্বল’ শ্ৰেণীলৈ নামি আহে।

গুৱাহাটীৰ এই অস্বাভাৱিক ধূলিয়ৰি পৰিৱেশৰ কিছু দৃশ্য চাওক:

May be an image of 1 person and outdoors

May be an image of 1 person, road and street

May be an image of palm trees and outdoors