NORTHEAST NOW (Assamese)
Popular Stories

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2023 3:37 pm

ভাতৃ-ভগ্নীৰ প্ৰেমৰ বিষয়ে বহুতো কাহিনী পোৱা যায়। এই মিঠা সম্পৰ্কটো বিপদৰ সন্মুখত হৈ পৰে এক দুৰ্ভেদ্য দুৰ্গ, যি জীৱন আৰু মৃত্যুৰ মাজত টানি দিয়ে এক শক্তিশালী পৰ্দা । চিৰিয়াৰ এগৰাকী সাত বছৰীয়া ছোৱালীয়ে ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ দাঙি ধৰিছে।

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাই পৰা স্বত্ত্বেও তাই তাইৰ ভায়েকক পৰম মমতাৰে আৱৰি ৰাখিছে। যেন শক্তিশালী হাতেৰে মৃত্যুক প্ৰতিৰোধ কৰিছে।

এনে এক ভয়ংকৰ বিপদত যথেষ্ট সাহস দেখুওৱাৰ বাবে চিৰিয়াৰ সেই ছোৱালীজনীক সমগ্ৰ বিশ্বই প্ৰশংসাৰে উপচাই দিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে ঘটনাটোৰ এটা ভিডিঅ’ টুইট কৰি লিখিছে, “এই সাহসী ছোৱালীজনীৰ বাবে অন্তহীন প্ৰশংসা।‘’

ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ চাফাৱে টুইট কৰি কয়, “ছোৱালীজনীয়ে তাইৰ ভায়েকক ১৭ ঘণ্টা ধৰি সুৰক্ষা দিবলৈ হাত আৰু মুৰ পাতি ধৰিছে। মই কাকো ইয়াক শ্বেয়াৰ কৰা দেখা নাপালো। কিন্তু মৃত্যু হ’লে সকলোৱে ঠিকেই শ্বেয়াৰ কৰে। ইতিবাচক বিষয়ো শ্বেয়াৰ কৰক।‘’