NORTHEAST NOW (Assamese)
অসম

পক্ষী গণনা : পবিতৰা অভৰায়ণ্যত বৃদ্ধি পালে ১৬ হাজাৰ পক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2023 4:01 pm

ৰাজ্যত ক্ৰমশঃ বিভিন্ন বন্যজীৱ লক্ষ্যনীয়ভাবে কমি অহাৰ সময়তে পোহৰলৈ আহিছে এটা সুখবৰ। এশিড়িয়া গঁড়ৰ বাবে বিখ্যাত পবিতৰা অভৰায়ণ্যত বৃদ্ধি পাইছে পৰিভ্ৰমী পক্ষীৰ সংখ্যা। যোৱা ৯ ফেব্ৰুৱাৰীত পবিতৰাত হোৱা পক্ষী গণনাই দাঙি ধৰিছে পবিতৰাত পক্ষীৰ সংখ্যাৰ বৃদ্ধি হোৱাৰ তথ্য।

অভৰায়ণ্যখনৰ ৬ টা খণ্ডত হোৱা পক্ষী গণনাৰ কাম সম্পাদন হয়। ইয়াৰ পৰা এই তথ্য প্ৰকাশ পাই যে বিগত বছৰটোত পবিতৰাৰ ৬৯ টা প্ৰজাতিৰ প্ৰায় ১৬ হাজাৰ পক্ষীৰ সংখ্যা বৃদ্ধি পাইছে।

এই পক্ষী গণনা কাৰ্যত অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদ, পবিতৰা জীপ ছাফাৰী সংন্থা, শিপা আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী নিয়োজিত হৈ গণনা সম্পন্ন কৰে।

পবিতৰাৰ ডিএফঅ’ জয়শ্ৰী নাইদিঙে জানিবলৈ দিয়া মতে ২০২১২২ চনত পবিতৰাৰ জলচৰ পক্ষী গণনাত প্ৰায় ৫৬ টা প্ৰজাতিৰ ৯ সহস্ৰাধিক পক্ষী পোৱা পোৱা গৈছিল। বিগত বৰ্ষতকৈ এই বৰ্ষৰ গণনাত পক্ষীৰ সংখ্যা বৃদ্ধি পাইছে পবিতৰাত।