NORTHEAST NOW (Assamese)
দেশ

তুৰস্কৰ ভূমিকম্পত নিখোজ ভাৰতীয় নাগৰিকৰ মৃতদেহ উদ্ধাৰ: নিজ গৃহলৈ প্ৰেৰণৰ প্ৰস্তুতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2023 10:29 pm
Turkey earthquake

ভূমিকম্প বিধ্বস্ত তুৰস্কত নিখোজ হৈ থকা ভাৰতীয় নাগৰিকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ মৃতদেহ হোটেলত উদ্ধাৰ কৰা হয়। নিহত ব্যক্তিগৰাকীৰ মৃতদেহ উত্তৰাখণ্ডৰ গৃহলৈ প্ৰেৰণৰ প্ৰস্তুতি চলোৱা হৈছে বুলি তুৰস্কত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিৰন্দৰ পলে জানিবলৈ দিছে।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পলে নিৰুদ্দেশ হোৱা একমাত্ৰ ভাৰতীয় ব্যক্তিগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ কোটদ্বাৰৰ বাসিন্দা বিজয় কুমাৰ ব্যৱসায়িক উদ্দেশ্যে তুৰস্ক ভ্ৰমণ কৰিছিল। মালত্যৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ মাজত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰা হয়।

বিৰন্দৰ পলে লগতে জানিবলৈ দিয়া মতে, টাৰ্কিত থকা ভাৰতীয় দূতাবাসে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে। তুৰস্কত থকা ভাৰতৰ দূতাবাসে মৃতদেহটো বাণিজ্যিক বিমানযোগে অতি সোনকালে প্ৰেৰণৰ বাবে তুৰস্ক চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে।

ভাৰতীয় দূতাবাসে শনিবাৰে কুমাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিষয়ে সদৰী কৰিছিল। এক টুইট যোগে দূতাবাসে কৈছিল, “আমি দুখেৰে জনাইছো যে ৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ পিছত তুৰ্কীত নিৰুদ্দেশ হোৱা ভাৰতীয় নাগৰিক বিজয় কুমাৰৰ মৃতদেহ মালত্যৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ মাজত উদ্ধাৰ কৰি চিনাক্ত কৰা হৈছে।”

ইতিপূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভূমিকম্পৰ ফলত তুৰস্কৰ দুৰ্গম অঞ্চলত ১০ গৰাকী ভাৰতীয় লোক আৱদ্ধ হৈ থকা বুলি সদৰী কৰিছিল। অৱশ্যে আটাইকেইগৰাকী লোক সুৰক্ষিত বুলিও মন্ত্ৰালয়ে লগতে সদৰী কৰিছিল।