NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

৫৩ বছৰত সম্পূৰ্ণ পি এইচ ডি! চমক সৃষ্টি ৭৬ বৰ্ষীয় ছাত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2023 7:02 am
Man Earns Doctorate After 53 Years

কোৱা হয়, শিক্ষণ এক জীৱনজোৰা প্ৰক্ৰিয়া। মানুহে গোটেই জীৱনজুৰি কেৱল মাথো শিকে। এই কথাষাৰকে যেন কাৰ্যত: প্ৰমাণ কৰি তুলিলে নিক এক্সটেনে। ইপ্সিত পি এইচ ডি সন্মান লাভৰ বাবে এই ৭৬ বৰ্ষীয় ‘ছাত্ৰ’ গৰাকীয়ে অৰ্ধশতাধিক বছৰজুৰি কৰি আহিছিল অপেক্ষা।

অৱশেষত ৫৩ বছৰৰ মূৰত আহিল এক্সটেনৰ বাবে সেই আকাংক্ষিত ক্ষণ। সম্পূৰ্ণ হ’ল পি এইচ ডি, লাভ কৰিলে সন্মানীয় ডক্টৰেট সন্মান। প্ৰায়ে পি এইচ ডি সন্মান পাঁচ-ছয় বছৰতে অৰ্জন কৰিব পাৰি যদিও নিক এক্সটেনৰ এই সন্মান লাভৰ বাবে প্ৰয়োজন হয় ৫৩ টা বছৰ।

প্ৰকাশিত খবৰ অনুসৰি নিক এক্সটেনে ১৯৭০ চনত পিটচবাৰ্গ বিশ্ববিদ্যালয়ত গাণিতিক সমাজবিজ্ঞানত পি এইচ ডিৰ বাবে ফুলব্ৰাইটৰ বৃত্তি লাভ কৰে। অৱশ্যে তেওঁ ৫ বছৰৰ পাছত আধৰুৱা পি এইচ ডি লৈ ব্ৰিটেইনলৈ উভতি আহে।

২০১৬ চনত ড° এক্সটেনে ৬৯ বছৰ বয়সত ব্রিষ্টল বিশ্ববিদ্যালয়ত দৰ্শনত এম এ অধ্যয়ন কৰে। তাৰ পিছত একেখন বিশ্ববিদ্যালয়তে দৰ্শনত পি এইচ ডি ডিগ্ৰী লাভ কৰে, ২০২২ চনত ৭৫ বছৰ বয়সত সম্পূৰ্ণ কৰে পি এইচ ডি।

গত মঙলবাৰে ব্রিষ্টল বিশ্ববিদ্যালয়ে নিক এক্সটেনক তেওঁৰ পত্নী ক্লেয়াৰ এক্সটেন আৰু ১১ বছৰীয়া নাতিনীয়েক ফ্ৰেয়াৰ সন্মুখত দৰ্শনৰ ডক্টৰেট সন্মান প্ৰদান কৰে।

ব্রিষ্টল বিশ্ববিদ্যালয়ে এক প্রেছ বিবৃতিত ড০ এক্সটেনৰ এই গৱেষণা প্রতিগৰাকী ব্যক্তিৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি মানুহৰ আচৰণ বুজিবলৈ এক নতুন তত্ত্ব হ’ব বুলি উল্লেখ কৰে আৰু লগতে ইয়াৰ দ্বাৰা আচৰণ মনোবিজ্ঞানৰ প্রতি দৃষ্টিভংগী সলনি কৰাৰ সম্ভাৱনা আছে বুলি সদৰী কৰে।

ব্রিষ্টল বিশ্ববিদ্যালয়ত এক্সটেনৰ গৱেষণাৰ তত্বাৱধায়ক হিচাপে থকা অধ্যাপক সমীৰ ওকাছাই এক্সটেন এগৰাকী অবিশ্বাস্যভাৱে উৎসাহী, শক্তিশালী আৰু দায়বদ্ধ ছাত্ৰ আছিল। মূল পি এইচ ডি আৰম্ভ কৰাৰ অৰ্ধশতিকাৰ পাছত সম্পূৰ্ণ হোৱাটো কল্পনাতীত বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, পত্নীৰ সৈতে ছামাৰচেটৰ ওৱেলছত বাস কৰা নিক এক্সটেনৰ দুয়ো সন্তানেও ইতিমধ্যে বিবাহপাশত আবদ্ধ হৈছে আৰু দুই সন্তানৰ ফালৰ পৰা চাৰিটি নাতি-নাতিনীও লাভ কৰিছে এক্সটেনে।