NORTHEAST NOW (Assamese)
দেশ

হিমাচল বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে: ঘোষিত নহ’ল গুজৰাট নিৰ্বাচনৰ দিন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2022 5:04 pm
Himachal Pradesh Assembly poll

ভাৰতৰ নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন। আয়োগৰ ঘোষণা অনুসৰি অহা ১২ নৱেম্বৰত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ৮ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

ইফালে আজি নিৰ্বাচন আয়োগে গুজৰাট নিৰ্বাচনৰো দিন ঘোষণা কৰাৰ সম্ভাৱনা আছিল যদিও এই সন্দৰ্ভত কোনো উল্লেখ নকৰিলে আয়োগে।

হিমাচল বিধানসভাত মুঠ ৬৮ খন আসন আছে। নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জনৰ বাবে প্ৰয়োজন হয় ৩৫ খন আসনৰ।

উল্লেখ্য যে, ৰাজ্যখনত বৰ্তমান শাসনত থকা বিজেপিয়ে বিগত ২০১৭ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ৪৪ খন আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ২১ খন আসন।

এইবাৰো বিজেপি আৰু কংগ্ৰেছৰ মাজতে মূল প্ৰতিদ্বন্দিতা হ’ব বুলি আশা কৰা হৈছে যদিও অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়েও প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে।