NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

এতিয়া শুনা নাযাব আজানৰ শব্দ : মছজিদত লাউড স্পীকাৰ নিষিদ্ধ কৰিলে ইজৰাইল চৰকাৰে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 7, 2024 9:25 pm

ইজৰাইল-পেলেষ্টাইন যুদ্ধই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যথেষ্ট প্ৰভাৱ পেলাইছে। যুদ্ধকালীন এই পৰিস্থিতিত নেতানিয়াহু চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এইবাৰ আন এক সিদ্ধান্ত লৈছে ইজৰাইল চৰকাৰে। এতিয়াৰ পৰা দেশখনৰ মছজিদত কোনো আজানৰ শব্দ শুনা নাযাব। ইজৰাইলৰ মছজিদত নামাজ আদায়ৰ সময়ত লাউড স্পীকাৰ নিষিদ্ধ কৰিছে চৰকাৰে।

এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইমাটাৰ বেন গিভিৰে। যদি কোনোবাই এই নিয়ম ভংগ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব, কঠোৰ শাস্তি প্ৰদান কৰা হ’ব পাৰে।

ইয়াৰ উপৰিও চৰকাৰে ঘোষণা কৰে যে লাউড স্পীকাৰৰ জৰিয়তে দিনটোত পাঁচবাৰকৈ আজানৰ শব্দ শুনালে শব্দ প্ৰদূষণ বৃদ্ধি পায়। এই সন্দৰ্ভত বহু লোকে অভিযোগ কৰিছে। টাইমছ অৱ ইজৰাইলত প্ৰকাশিত এক বাতৰি অনুসৰি লাউডস্পীকাৰৰ জৰিয়তে নামাজ আদায় শুনা গ’লে মছজিদত প্ৰৱেশ কৰিব পাৰিব আৰক্ষীয়ে। আনকি লাউডস্পীকাৰৰ সঁজুলিও সেই মছজিদৰ পৰা জব্দ কৰা হ’ব।

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী গিভিৰে কয় যে দেশত (ইজৰাইল) এই নীতি প্ৰৱৰ্তন কৰি তেওঁ সঁচাকৈয়ে গৌৰৱান্বিত। ফলত শব্দ প্ৰদূষণ বহু পৰিমাণে হ্ৰাস পাব, আনকি অবাঞ্চিত শব্দও মছজিদৰ পৰা নাহিব।