NORTHEAST NOW (Assamese)
Popular Stories

মেৰুণ শাৰী, কপালত ফোট; কইনা সাজি ৰাজনীতিক দৰাৰ সৈতে বিয়াত বহিল অভিনেত্ৰী স্বৰা ভাস্কৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 16, 2023 7:48 pm

বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ বিবাহপাশত আৱদ্ধ হৈছে। যাৰ বাবে তেওঁৰ একাংশ অনুৰাগী উৎফুল্লিত হৈ পৰিছে। আনহাতে একাংশই আচৰিত হৈছে যে এয়া কেতিয়া, ক’ত আৰু কেনেকৈ ঘটিল?

প্ৰকৃততে, এই বিবাহৰ বিষয়ে কাৰো ওচৰত কোনো খবৰ নাছিল। সমাজবাদী পাৰ্টিৰ নেতা আৰু মুম্বাইৰ টাটা ইনষ্টিটিউট অফ ছ’চিয়েল ছায়েন্সৰ প্ৰাক্তন সাধাৰণ সম্পাদক ফাহাদ আহমেদক তেওঁ সংগী হিচাপে বাছনি কৰিছে। স্বৰাই নিজেই এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁৰ বিবাহৰ বাতৰি প্ৰকাশ কৰিছে আৰু সকলোকে নিজৰ প্ৰেমকাহিনীৰ বিষয়েও জনাইছে।

স্বৰা সামাজিক মাধ্যমত বহুত সক্ৰিয় আৰু এতিয়া তেওঁ এটা পোষ্টৰ জৰিয়তে ফাহাদৰ সৈতে তেওঁৰ সাক্ষাৎ আৰু প্ৰেমকাহিনীৰ বিষয়ে বহুকথা কৈছে। ২০১৯ চনত এটা প্ৰতিবাদৰ সময়ত দুয়ো প্ৰথম লগ হৈছিল। যাৰ পিছত তেওঁলোকৰ মাজত সম্পৰ্ক বাঢ়ি গৈছিল।

আনহাতে, ফাহাদে স্বৰাক তেওঁৰ ভনীয়েকৰ বিয়ালৈ নিমন্ত্ৰণ কৰিছিল যদিও শ্বুটিংত ব্যস্ত থকাৰ বাবে স্বৰাই এই বিয়াত উপস্থিত থাকিব নোৱাৰিলে। কিন্তু স্বৰাই প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ফাহাদৰ বিয়াত উপস্থিত থাকিব। তেতিয়া কোনে জানিছিল যে এদিন তেওঁৱেই ফাহাদৰ কইনা হ’ব।

বিবাহ উপলক্ষে নাছিল কোনো ডাঙৰ ফাংচন, নাছিল কোনো হাই-হট্টগোল। দৰাচলতে, স্বৰাই অতি সাধাৰণভাৱে আদালতত বিবাহ কৰিছে। ছ’চিয়েল মিডিয়াত এখন ছবি পোহৰলৈ আহিছে য’ত স্বৰাক মেৰুণ শাৰী, কপালত ফোট পিন্ধা আৰু ডিঙিত মালা পিন্ধি থকা দেখা গৈছে। তেওঁ ফাহাদৰ হাতত ধৰি আছে।

একে সময়তে, ফাহাদক বগা কুৰ্তাত মেৰুণ নেহৰু জেকেট পিন্ধা দেখা গৈছে। তেওঁলোক দুয়োৱে বিবাহৰ বাবে ৬ জানুৱাৰীত আদালতত নথিপত্ৰ দাখিল কৰিছিল। উল্লেখ্য যে বলীউডৰ অভিনেত্ৰী স্বৰাও সামাজিক সমস্যাক লৈ প্ৰায় সৰৱ হৈ থকা দেখা যায়।