NORTHEAST NOW (Assamese)
অসম

বাল্য বিবাহকলৈ মুখথেকেচা ৰাজ্য চৰকাৰৰ; মুখ্যমন্ত্ৰীক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী অখিলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2023 11:10 am

বাল্য বিবাহক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰক ভৎৰ্সনা কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ ক্ষোভৰ প্ৰকাশ ঘটিছে৷

এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ অখিল গগৈয়ে কয় যে চৰকাৰে কেৱল চমক দিবৰ বাবেহে এই কাম কৰিছে।

কাজিৰঙাত উপস্থিত হোৱা অখিল গগৈয়ে কয় যে বাল্যবিবাহ নিষিদ্ধকৰণ সম্পৰ্কীয় ২০০৬ চনৰ আইন অনুসৰি বিবাহ হোৱাৰ দুবছৰৰ ভিতৰত যদি কোনোবাই গোচৰ তৰে সেইয়াহে বাল্যবিবাহ ৷ কিন্তু দুবছৰ অতিক্ৰম হোৱাৰ পিছত সেই বিবাহ নিয়মীয়া বিবাহৰূপে পৰিগণিত হয়৷ দুবছৰৰ পিছত তাৰ ওপৰত ব্যৱস্থা লোৱাটো কেতিয়াও আইনসন্মত নহয়।

অখিল গগৈয়ে লগতে কয় যে POCSO আইন সম্পূৰ্ণ অৰ্থহীন, প্ৰহসন৷ বাল্য বিবাহৰ ক্ষেত্ৰত ভয় বা সন্ত্ৰাসিত কৰি ৰাজ্য চৰকাৰ সম্পূৰ্ণ বিফল হৈছে৷ অসম চৰকাৰে ভুল পথেৰে আগবঢ়াৰ বাবে ন্যায়ালয়,বুদ্ধিজীৱী সমাজ তথা বিৰোধী পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছে।

গগৈয়ে দাবী কৰে যে বাৰে বাৰে সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত মুখ্যমন্ত্ৰীজনে ৰাজহুৱাভাৱে ক্ষমা খোজা উচিত৷ মুখ্যমন্ত্ৰীৰ সামান্যতম লাজ থকা হ’লে তেওঁ গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলেঁহেতেন বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।