NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙৰ এখন চিত্ৰক ফেইচবুক পেজৰ পৰা আঁতৰাবৰ বাবে আৰক্ষীৰ নিৰ্দেশ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 26, 2020 8:57 pm

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষি বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ব্যাপক গণ আন্দোলন আৰম্ভ হৈছে।

দেশৰ বিভিন্ন প্ৰান্তত ৰাজপথলৈ ওলাই আহিছে দেশৰ কৃষক সমাজ। এনে সময়তে দেশৰ জাতীয় পতাকাখন উৰুৱাই ৰাখিবলৈ পণ কৰা এজন কৃষকৰ এক চিত্ৰ অংকন কৰা বোকাখাতৰ নবীন চিত্ৰকৰ, ভাৰতীয় গণনাট্য সংঘৰ সক্ৰিয় কৰ্মী তথা শিক্ষক প্ৰাঞ্জল পায়েঙৰ “অন্নদাতা” শীৰ্ষক  এখন চিত্ৰক নিষিদ্ধ কৰিছে গোলাঘাট জিলা আৰক্ষীয়ে।

উক্ত চিত্ৰখন এটা কবিতাৰ আবৃত্তিৰে নিজৰ ফেইচবুক পেজত দিছিল চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙে ৷ 

শুকুৰবাৰে নিজৰ কাৰ্যালয়লৈ মতাই নি গোলাঘাটৰ আৰক্ষী অধীক্ষকে উক্ত চিত্ৰখন ফেইচবুক পেইজৰ পৰা আঁতৰাই দিবৰ বাবে  প্ৰাঞ্জল পায়েঙক নিৰ্দেশ দিয়ে ৷

যাৰ বাবে উক্ত চিত্ৰ ফেইচবুক পেইজৰ পৰা আঁতৰাই দিয়ে চিত্ৰশিল্পী গৰাকীয়ে ৷

এই ঘটনাৰ পিচত ছ’চিয়েল মিডিয়াত এই ঘটনাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা।