NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ২৬ হাজাৰ আত্মসহায়ক গোটলৈ ট্ৰেক্টৰ প্ৰদান কৰা হ’ব : অতুল বৰা

Posted by: এন ই নাও নিউজ ব্যুৰো December 7, 2017 5:28 pm
President of Asom Gana Parishad PC

আজি দুপৰীয়া কৃষি মন্ত্ৰী অতুল বৰাই এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰা হ’ব। এই আঁচনিত ৰাজ্যখনৰ মুঠ ২৬ হাজাৰ আত্মসহায়ক গোটক সামৰি লোৱা হ’ব। অৰ্থাৎ মুঠ ২৬ হাজাৰ আত্মসহায়ক গোটক ট্ৰেক্টৰ প্ৰদান কৰা হ’ব। অহা ১০ ডিচেম্বৰৰ দিনটোতে, অৰ্থাৎ আছুৱে পাতি অহা শ্বহীদ দিৱসৰ দিনাই এই আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। প্ৰথম পৰ্য্যায়ত ১০,১১৯খন ট্ৰেক্টৰ প্ৰদান কৰা হ’ব। ২০১৭-১৮ বৰ্ষত ৮৮.৪২ টন ধান উৎপাদনৰ লক্ষ্যৰে এই আঁচনিখন লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষিক্ষেত্ৰৰ বিকাশৰ বাবে ৰাজ্যৰ কৃষকসকলক  এই একেখন আঁচনিৰ অধীনতে ১ লাখ চেল’ টিউবেল আৰু ছ’লাৰ পাম্প প্ৰদান কৰা হ’ব বুলিও সংবাদমেলখনত ঘোষণা কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নৱবৰ্ষৰ জানুৱাৰি মাহত ডিব্ৰুগড়ত উদ্যান শস্যমেলা অনুষ্ঠিত কৰা হ’ব। এই মেলা ৫ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈকে চলিব।