NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ বিধ্বস্ত অষ্ট্ৰেলিয়া : টেষ্ট ক্ৰিকেটৰ দ্বিতীয় চিৰিজতো জয় লাভ ভাৰতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2023 4:05 pm

বাধাহীনভাবে টেষ্ট ক্ৰিকেটত আগুৱাই গৈছে ভাৰত। ৰোহিত শৰ্মাৰ নেতৃত্বত টেষ্ট ক্ৰিকেটৰ দ্বিতীয়খন খেলটো অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ভাৰতীয় ক্ৰিকেট টীমে।

উল্লেখ্য যে প্ৰথম ইনিংছতো অষ্ট্ৰেলিয়াই মাত্ৰ ১৭৭ ৰাণতে সকলোকেইটা উইকেট হেৰুওৱাই পেলাইছিলপ্ৰথমটো ইনিংছত ভাৰতীয় স্পিনাৰ সকলে বলৰ যাদুৰে জয়ী কৰাইছিল দলটোক।

এইবাৰো খেলখন ব্যতিক্ৰম নহল। আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা খেলখনত জয়ী হোৱাৰ পিছতেই ভাৰতীয় দলটো বিশ্বৰ ১ নং টেষ্ট ক্ৰিকেটৰ দলত পৰিণত হৈছে।

উল্লেখ্য যে এই খেলখনতে বিৰাট কোহলিয়ে সৃষ্টি কৰিলে নতুন অভিলেখ। এই খেলখনত বেটিং কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰান সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে।