NORTHEAST NOW (Assamese)
অসম

বিশ্ব ধৰিত্ৰী দিৱসৰ প্ৰাসংগিকতাৰে হোজাইৰ লংকাত চিত্ৰাংকন প্ৰতিযোগিতা

Posted by: নিখিল মুন্দ্ৰা April 30, 2018 11:46 am
IMG-20180430-WA0002

সমগ্ৰ বিশ্বই ২২ এপ্ৰিলৰ দিনটোত পালন কৰে বিশ্ব ধৰিত্ৰী দিৱস। বিশ্ব ধৰিত্ৰী দিৱসৰ সংগতি ৰাখিয়েই হোজাই জিলাৰ লংকাৰ কালাৰ্ছ আৰ্ট একাডেমিয়ে বেচৰকাৰী সংস্থা স্মল ষ্টেপৰ সহযোগত দেওবাৰে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

লংকাস্থিত লংকা নিম্ন প্ৰথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় ২৬খন বিদ্যালয়ৰ মুঠ ৪৩১ গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত অংশ লয়।

তিনিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত আয়োজকে প্ৰতিযোগীসকলৰ বাবে বিভিন্ন থীম ধাৰ্য কৰে। তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে নিজ নিজ পচন্দত চিত্ৰ অংকণ কৰিবলৈ দিয়ে। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে গ্ৰুপ বিত ভাগ কৰা প্ৰতিযোগীসকলৰ বাবে ‘তোমাৰ পৰিস্কাৰ গাঁও বা চহৰ’ আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গ্ৰুপ চিত ভাগ কৰি তেওঁলোকক ‘কেনেকৈ পৃথিৱী ৰক্ষা কৰিব’ শীৰ্ষক থীম নিৰ্ধাৰণ কৰি দিয়া হয়।

ইয়াৰ পূৰ্বে লংকা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্নেশ্বৰ শইকীয়াই চিত্ৰাংকন প্ৰতিযোগিতা খনৰ শুভ উদ্বোধন কৰে। আনহাতে সামৰণি অনুষ্ঠানত অধিবক্তা ভৰত তামুলী ফুকন, গিতীকা ফুকনৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।

IMG-20180430-WA0000 (1)

অধিবক্তা তামুলীয়ে কালাৰ্ছ আৰ্ট একাডেমি আৰু বেচৰকাৰী সংস্থা স্মল ষ্টেপৰ উদ্যোগক শলাগ লোৱাৰ লগতে এনেধৰণৰ সমাজ সচেতন মূলক প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাবে আয়োজক গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে।

বেচৰকাৰী সংস্থা স্মল ষ্টেপৰ সঞ্চালক ড০ প্ৰদীপ কুমাৰ চাহুৱে বিশ্ব ধৰিত্ৰী দিৱস ২০১৮ৰ থীম সম্পৰ্কত উল্লেখ কৰি কয় যে নিজৰ মাতৃভূমি তথা পৃথিৱীখনক বচাবলৈ হ’লে আমি সকলোৱে প্লাষ্টিক বৰ্জন কৰিব লাগিব। কিয়নো প্লাষ্টিক ব্যৱহাৰ প্ৰকৃতিৰ বাবে অতিকৈ ভয়ংকৰ।

এই প্ৰতিযোগিতা তথা অনুষ্ঠানৰ অন্তত সকলো প্ৰতিযোগীৰ লগতে উপস্থিত থকা লোকসকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে লংকাস্থিত কৃষ্ণ কান্ত বৰা বি এড মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী তথা উদ্যোক্তাসকলে ‘ছেভ আৰ্থ ছেভ লাইফ’ শীৰ্ষক প্লেকাৰ্ডৰো প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।