NORTHEAST NOW (Assamese)
অসম

অৱশেষত উদ্ধাৰ অমৰজ্যোতি দে’ৰ মৃতদেহ: ডাউকী পথত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ দেহৰ অংগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2023 5:40 pm
Guwahati double murder Bandana Kalita

সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা গুৱাহাটীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তত আৰু এখোজ আগবাঢ়িছে আৰক্ষী। আজি আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাৰ বলি হোৱা অমৰজ্যোতি দে’ৰ মৃতদেহ। ডাউকী পথৰ কাষৰ প্ৰায় ৭০ ফুট দ খাৱৈত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে দে’ৰ মৃতদেহৰ অংগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ নুনমাটিত সংঘটিত এই শিহৰণকাৰী ডাবল মাৰ্ডাৰৰ বলি হোৱা অমৰজ্যোতিৰ মাতৃ শংকৰী দে’ৰ মৃতদেহো ইতিমধ্যে সোমবাৰে মেঘালয়ৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আজি পুৱাই আৰক্ষীৰ এটা দল মূল অভিযুক্ত বন্দনা কলিতা আৰু আন দুগৰাকী অভিযুক্তক লগত লৈ অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা হৈছিল।

বিবাহ বহিৰ্ভূত সম্পৰ্ক আৰু সম্পত্তিৰ লালসাতে অমৰজ্যোতিৰ পত্নী বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বন্দনাই প্ৰেমিক ধনটি ডেকা আৰু ধনটি ডেকাৰ বন্ধু অৰূপ দাসৰ সৈতে মিলি এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে।

উল্লেখ্য যে, ১৭ আগষ্টত অমৰজ্যোতি দে’ নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল আৰু প্ৰথমে তেওঁক অপহৰণ কৰাৰ আশংকা কৰা হৈছিল। খোদ বন্দনা কলিতাই আৰক্ষীৰ ওচৰত তেওঁৰ স্বামী আৰু শাহুৱেকক নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত দুয়োগৰাকীক হত্যা কৰাৰ ৰহস্য ফাদিল হয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে বন্দনা কলিতাক গ্ৰেপ্তাৰ কৰে আৰু নিজ স্বামী আৰু শাহুৰ হত্যাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰে। এই হত্যাকাণ্ডত বন্দনা কলিতাক সহযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে লগতে ধনটি ডেকা আৰু অৰূপ দাসকো গ্ৰেপ্তাৰ কৰে। সোমবাৰে আৰক্ষীয়ে দুয়োগৰাকীকে আদালতত হাজিৰ কৰাই ৭ দিনৰ জিম্মাত লৈছে।

ইফালে হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাই আজি সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী দাবী কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰিছে। সংবাদ মাধ্যমৰ আগত বন্দনা কলিতাই স্বামী আৰু শাহুৱেকৰ হত্যাকাণ্ড সংঘটিত কৰা নাছিল বুলি দাবী কৰাৰ লগতে তেওঁক ষড়যন্ত্ৰমূলকভাৱে ফচোৱা হৈছে বুলি দাবী কৰিছে।