NORTHEAST NOW (Assamese)
অসম

আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ প্ৰচাৰ সেৱা বন্ধ কৰিবলৈ চলোৱা ষড়যন্ত্ৰ বন্ধ কৰক-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী December 27, 2021 6:55 pm
আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ প্ৰচাৰ সেৱা বন্ধ কৰিবলৈ চলোৱা ষড়যন্ত্ৰ বন্ধ কৰক-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথিত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত আকাশবাণী গুৱাহাটীক আক্ৰমণ কৰা হৈছে বুলি উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

আকাশবাণীৰ মিডিয়াম wave বন্ধ কৰিব নোৱাৰে বুলিও তেওঁ চৰকাৰক সকিয়াই দিয়ে।এয়া অসমৰ ভাষা সংস্কৃতিৰ ওপৰত আক্ৰমণ বুলি তেওঁ উল্লেখ কৰে।

তেওঁ কয় “আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ প্ৰচাৰ সেৱা বন্ধ কৰিবলৈ চলোৱা ষড়যন্ত্ৰ বন্ধ কৰক।

‘অসম চৰকাৰে এইবোৰ কথা সজোৰে দিল্লীক জনাই দিব লাগিব।এই অন্যায় আমি মানি নলওঁ। আকাশবাণীক অংগক্ষত কৰিব খোজা হৈছে। দিল্লীয়ে এই সিদ্ধান্ত বাতিল কৰিৱ লাগিব’—সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়।