NORTHEAST NOW (Assamese)
অসম

চিকিৎসা বিভ্ৰাট! বাওঁ ভৰিৰ সলনি সোঁ ভৰিত অস্ত্ৰোপচাৰ; চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 26, 2023 7:39 am

চিকিৎসা বিভ্ৰাটক লৈ এটা বাতৰিয়ে এতিয়া দেশজুৰি তোলপাৰ লগাইছে। এইবাৰ কেৰালাৰ এজন চিকিৎসকৰ বিৰুদ্ধে ভৰিৰ ভুল অস্ত্ৰোপচাৰৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

এগৰাকী ৬০ বছৰীয়া মহিলাৰ ভৰিৰ অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকে এই বিভ্ৰাট সৃষ্টি কৰিছিল বুলি অভিযোগ কৰা হৈছে। অভিযোগ কৰা হৈছে যে সমস্যা থকা ভৰিৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে তেওঁ আনখন ভৰিৰ অস্ত্ৰোপচাৰ কৰে।

কেৰালাৰ স্বাস্থ্য বিভাগৰ দেশ-বিদেশত সুনাম আছে। ৰাজ্যখনক নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰা সুৰক্ষিত কৰাৰ প্ৰচেষ্টা বহু ঠাইত প্ৰশংসিত হৈছে। একেখন ৰাজ্যতে স্বাস্থ্য বিভাগৰ অধীনত অস্ত্ৰোপচাৰৰ এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালা চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কোজিকোড চিকিৎসা বিষয়াক এই সন্দৰ্ভত চিকিৎসা প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আৰক্ষীয়ে ইতিমধ্যে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ৩৬৬ ধাৰাৰ অধীনত ড০ বি শানৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা গৈছে যে প্ৰাৰম্ভিক প্ৰতিবেদনত জিলা প্ৰশাসনে এই ক্ষেত্ৰত ৰোগীৰ বক্তব্যৰ সমৰ্থনত প্ৰতিবেদন দিছে। চিকিৎসকজনৰ ওপৰত মানুহৰ জীৱনৰ প্ৰতি অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনা অনুসৰি, চাজিনা সুকুমাৰণৰ পৰিয়ালে তেওঁক ভৰিৰ সমস্যাৰ বাবে কোজিকোডৰ নেশ্যনেল হাস্পাতালত ভৰ্তি কৰাইছিল। যোৱা সপ্তাহত তেওঁৰ বাওঁ ভৰিৰ বিষক লৈ এক সমস্যা হৈছিল। সেয়েহে চিকিৎসা কৰা হয়। কোৱা হয় যে বাওঁ ভৰিৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। তেতিয়াই চাজিনাক কোজিকোডৰ সেই চিকিৎসালয়খনত অস্ত্ৰোপচাৰ কৰা হয় যদিও তেওঁ আৰোগ্য নহ’ল। কিয়নো বাওঁ ভৰিৰ সলনি সোঁ ভৰিতহে অস্ত্ৰোপচাৰ কৰা হৈছিল।

তাৰ পিছতে তেওঁৰ পৰিয়ালটো ক্ষোভত ফাটি পৰে। ৰোগীৰ পৰিয়ালে দাবী কৰে যে চিকিৎসালয়খনে প্ৰথমতে বিষয়টো ঢাকিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ক’বলৈ চেষ্টা কৰিছিল যে মহিলাগৰাকীৰ সোঁ ভৰিৰ সমস্যাও আছিল। পিছত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

ৰোগীৰ পৰিয়ালে কৈছে যে আৰক্ষীৰ উপৰিও তেওঁলোকে মানৱ অধিকাৰ আয়োগৰ ওচৰলৈও যাব। পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণৰ বাবে যুঁজ দিব।