NORTHEAST NOW (Assamese)
অসম

ভাৰত আৰু চীনে বাধা নিদিলে ইমানদিনে ইউক্ৰেইনত পৰমানু আক্ৰমণ চলালেহেঁতেন পুটিনে: আমেৰিকা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 26, 2023 9:06 am

ইউক্ৰেইনত যুদ্ধৰ বৰ্ষপূৰ্তিৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ পাৰমাণৱিক আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে। একে সময়তে জো বিডেন চৰকাৰৰ বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেনে পোনপটীয়াকৈ কয়, “যদি ভাৰত আৰু চীনে বাধা নিদিলে হয়তো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইমান দিনে ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলেহেঁতেন।”

ব্লিঙ্কেন অহা সপ্তাহত জি-২০ আৰু ছাংহাই আলোচনাত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহি আছে। ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত তেওঁৰ বক্তব্যক কূটনৈতিক মহলৰ এটা অংশই ‘গুৰুত্বপূৰ্ণ’ বুলি বিবেচনা কৰিছে।

মস্কোৰ ওপৰত নতুন দিল্লী আৰু বেইজিংৰ “প্ৰভাৱ”ৰ কথা উল্লেখ কৰি তেওঁ শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে দুয়োখন দেশৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া বিশ্বৰ নিৰ্ভৰশীলতাৰ কথাও স্বীকাৰ কৰে।

উল্লেখ্য যে এই সপ্তাহৰ আৰম্ভণিতে পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কৌশলগত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত “নিউ ষ্টাৰ্ট” চুক্তি ভংগ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পিছতে আমেৰিকাই মস্কোক নতুনকৈ এক পাৰমাণৱিক অস্ত্ৰ প্ৰতিযোগিতাত ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন কৰে।

সাক্ষাৎকাৰটোত ব্লিঙ্কেনে কয়, “বহু ক্ষেত্ৰত পুটিনৰ প্ৰতিক্ৰিয়া যুক্তিসঙ্গত নহয়। শেহতীয়াকৈ ৰাছিয়াৰ প্ৰতিক্ৰিয়াই কেৱল পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ আশংকা তীব্ৰ কৰি তুলিছে।”