NORTHEAST NOW (Assamese)
Popular Stories

কৰুণ ঘটনা : একেলগে চিপ্ লৈ থকা অৱস্থাত পিতৃ-মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2023 5:30 pm

এইবাৰ একলগে উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ পচি যোৱা মৃতদেহ। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোক পিতৃ, মাতৃ আৰু কন্যা। এই ঘটনা সংঘটিত হৈছে কলকাতাৰ ৰিজেণ্ট পাৰ্কত। ৰিজেন্ট পাৰ্কৰ এটা ফ্লেটত আৰক্ষীয়ে দুৱাৰ ভাঙি তিনিজন লোকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে। তেওঁলোকৰ মৃত্যু কেনেকৈ হ’ল সেযই সম্পৰ্কে আৰক্ষী এতিয়াও স্পষ্ট নহয়।

দেওবাৰে পুৱা ৰিজেণ্ট পাৰ্কৰ দ্বিতীয় মহলাৰ এটা ফ্লেটৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে। ইয়াৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰটো পাই ততাতৈয়াকৈ স্থানীয় ৰাইজৰ উপস্থিতিত দুৱাৰ ভাঙি ফ্লেটৰ ভিতৰত প্ৰৱেশ কৰে। ভিতৰত প্ৰৱেশ কৰিয়েই সেই ফ্লেটৰ নিবাসী পিতৃমাতৃ আৰু কন্যা, তিনিওৰে ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে।

স্থানীয় ৰাইজক সোধাপোছা কৰাৰ অন্তত আৰক্ষীয়ে গম পায় যে পৰিয়ালটোৱে যোৱা ছমাহ ধৰি সেই ফ্লেটটোত বাস কৰি আছিল। কিন্তু বিগত তিনিচাৰিদিন ধৰি কোনো লোকক বাহিৰত দেখা পোৱা নাই ওচৰ চুবুৰীয়াই।

উল্লেখ্য যে আৰক্ষীয়ে ফ্লেটটোত তালাচী চলাই কোনো ছুইচাইড পোৱা নাই। ঘটনাস্থলীত তিনিজন লোকৰ আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তাৰ দ্বাৰাই মৃতকৰ পৰিচয় জানিব পৰা গৈছে।

নিহত তিনিগৰাকী হ’ল দিলীপকুমাৰ চট্টোপাধ্যায় (৫১), ৰানু চট্টোপাধ্যায় (৪৬) আৰু তেওঁলোকৰ কন্যা আইন্দ্ৰিলা চট্টোপাধ্যায় (২১)

আৰক্ষীৰ সূত্ৰ অনুসৰি আইন্দ্ৰিলা আইনৰ ছাত্ৰী। ফালটাৰৰ এখন আইন মহাবিদ্যালয়ত তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল তাই। মৃত লোকজন ব্যৱসায়ৰ লগত জড়িত। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ তেখেতৰ ব্যৱসায়ত অসুবিধাৰ সন্মুখীন হৈছিল। সেইবাবেই এই চৰম পদক্ষেপ গ্ৰহণ কৰিছে নেকি সেই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।