NORTHEAST NOW (Assamese)
Popular Stories

অহা ৫ মাৰ্চত বঙাইগাঁও জিলাৰ দোলাইগাঁৱত বৃহৎ অভিৱৰ্তন আহ্বান কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ।

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2023 10:11 am

পশ্চিমবংগৰ কোঁচবিহাৰ জিলাৰ দিনহাটাত যোৱা ২৫ ফেব্ৰুৱাৰীত লোকসভাৰ সদস্য নিশিথ প্ৰমানিক গাড়ী ঘেৰাও কৰি তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰা ঘটনাক চোকা সমালোচনা কৰি তীব্ৰ গৰিহণা দিছে কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা কে এল অ ই গঠন কৰি দিয়া মূল শান্তি আলোচনা সমিতি অন্যতম সদস্য বিশ্বজিৎ ৰায়ে।

সোমবাৰে এই গৰাকী নেতা বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমত প্ৰকাশ মতে পূৰ্বৰ চি পি আই (এম) চৰকাৰতকৈ অতি ভয়াৱহ হৈ পৰা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰখনে কে এল অ ৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা বাধা প্ৰদান কৰিবলৈ বিশেষ ষড়যন্ত্ৰ ৰচনা কৰিছে।

অৱশ্যে আগন্তুক এপ্ৰিল মাহৰ ভিতৰত কে এল অ ৰে শান্তি আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি কয় বিশ্বজিৎ ৰায়ে। তেওঁ অহা ৫ মাৰ্চত নামনী অসমৰ বঙাইগাঁও জিলাৰ দোলাইগাঁৱত অৱস্থিত জনতা ক্লাৱত কোঁচ ৰাজবংশী জাতীয় পৰিষদে সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ পৰামৰ্শ গ্ৰহণ কৰি কে এল অ ৰে শান্তি চুক্তি কৰাৰ বাবে অসম পশ্চিমবংগ ৰাজ্যৰ কোঁচ ৰাজবংশীৰ সংগঠনৰ উপস্থিতিত এক বৃহৎ অভিৱৰ্তন আহ্বান কৰিছে।

উক্ত অভিৱৰ্তনত সকলো দল সংগঠন উপস্থিত হৈ পৰামৰ্শ প্ৰদান কৰিবলৈ আহ্বান জনাইছে কে এল অ’ই।