NORTHEAST NOW (Assamese)
অসম

নিজ ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই চাৰিদুৱাৰ চি আৰ পি এফ শিবিৰত জোৱানৰ আত্মহত্যা

Posted by: প্ৰনৱ কুমাৰ দাস April 30, 2018 7:25 pm
CRPF Jawan committed Suicide at Chariduar

শোনিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ চাৰিদুৱাৰস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ শিবিৰত আজি পুৱা এজন জোৱানে নিজ ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰে।

আজি পুৱা প্ৰায় ৪:৩০ বজাত চাৰিদুৱাৰ আৰক্ষী চকীৰ অন্তৰ্গত চি আৰ পি এফ শিবিৰত বাহিনীটোৰ ৩০ নং বেটেলিয়নৰ মুখ্য কনিষ্টবল প্ৰদীপ কুমাৰ সেনে নিজকে এ কে-৫৬ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে বুলি শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মহাট্টাই জানিবলৈ দিয়ে।

জানিব পৰা মতে নিহত জোৱানজনৰ ঘৰ দক্ষিণ ত্ৰিপুৰাত। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তেওঁৰ ছাৰ্ভিচ ৰাইফল এটা মেগজিন আৰু বহু সংখ্যক গুলী উদ্ধাৰ কৰে।

মহাট্টাই জানিবলৈ দিয়া মতে প্ৰাথমিক অনুসন্ধানত জোৱানজনে আত্মহত্যা কৰা বুলি ধৰা পৰিছে যদিও কি কাৰণত তেওঁ আত্মহত্যা কৰিলে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।

মৃতদেহটোক কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত চি আৰ পি এফ কৰ্তৃপক্ষক চমজাই দিয়া হয়।

ঘটনা সম্পৰ্কত চাৰিদুৱাৰ আৰক্ষী থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে।