NORTHEAST NOW (Assamese)
ক্ৰীড়া

ইন্দোৰত ছন্দপতন ভাৰতৰ: সহজ জয়েৰে শৃংখলাত প্ৰত্যাৱৰ্তন অষ্ট্ৰেলিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2023 11:55 am
India vs Australia

ইন্দোৰত ৰুদ্ধ হৈছে ভাৰতৰ জয়ৰ অশ্বমেধ গতি। প্ৰথম দুখন মেচত সহজ জয়েৰে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী পুনৰ জয়ৰ দিশত আগবঢ়া ঘৰুৱা দলটোক ইন্দোৰত থমকিবলৈ বাধ্য কৰা ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াই। স্পিনাৰৰ সহায়ক ইন্দোৰৰ টাৰ্ণিং উইকেটত অষ্ট্ৰেলিয়াৰ স্পিন আক্ৰমণৰ চোকত দিশহাৰা হৈ পৰা ভাৰতীয় দলে বান্ধি সহজ লক্ষ্য আজি তৃতীয় দিনাৰ প্ৰথম ভাগতে অনায়াসে অতিক্ৰম কৰে অষ্ট্ৰেলিয়াই।

কালি ভাৰতে অষ্ট্ৰেলিয়ান স্পিন তাৰকা নাথান লিয়নৰ স্পিন ঘূৰ্ণীত ধূলিস্যাত হৈ ১৬৩ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হোৱাৰ পিছত ভ্ৰমণকাৰী দলটোক জয়ৰ বাবে প্ৰয়োজন হৈছিল মাত্ৰ ৭৬ ৰানৰ। এনে পৰিস্থিতিত ভাৰতৰ পৰাজয় প্ৰায় নিশ্চিতেই হৈ পৰিছিল। এই নিশ্চিত পৰাজয়ৰ গৰাহৰ পৰা ভাৰতক উদ্ধাৰ কৰাৰ একমাত্ৰ পথ আছিল কোনো যাদুকৰী প্ৰভাৱ!

আৰু এই যাদুকৰী প্ৰভাৱ মূলত: কঢ়িয়াই অনাৰ আশা আছিল ভাৰতৰ তাৰকা স্পিনাৰদ্বয় অশ্বিন-জাদেজা। আজি দিনটোৰ খেল আৰম্ভণিৰ পাছত দ্বিতীয়টো বলতে অষ্ট্ৰেলিয়ান অপেনাৰ তথা প্ৰথম ইনিংছত অৰ্ধশতক অৰ্জনকাৰী খাৱাজাক পেভিলিয়নৰ পথ দেখুৱাই অশ্বিনে অৱশ্যে তেনে এক আশাৰেই সঞ্চাৰ কৰিছিল।

পিছে ভাৰতীয় দল তথা অনুৰাগীৰ এই আশা নিৰ্বাপিত কৰি ক্ৰীজত থিতাপি লৈ ৰয় আনগৰাকী অপেনাৰ ট্ৰেভিছ হেড আৰু বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানৰ বেটাৰ লাবুশ্বেন। ভাৰতীয় বলিং আক্ৰমণক হেলাৰঙে পৰাস্ত কৰি দুয়ো দলৰ আৰু কোনো হানি ঘটিবলৈ নিদিয়াকৈ অপৰাজিত ৭৮ ৰানৰ যুটি বান্ধি অষ্ট্ৰেলিয়াক শৃংখলাত প্ৰত্যাৱৰ্তন ঘটায়।

হেডে কিছু আক্ৰমণাত্মক শৈলীৰ বেটিঙেৰে ৫৩ বলত ৪৯ ৰানত অপৰাজিত থাকে। আনহাতে লাবুশ্বেনৰ বেটৰ পৰা আহে অপৰাজিত ২৮ ৰান। অৱশ্যে অষ্ট্ৰেলিয়াৰ জয়ৰ প্ৰধান নায়ক হিচাপে চিহ্নিত হয় অভিজ্ঞ স্পিনাৰ নাথান লিয়নহে। ভাৰতৰ বিৰুদ্ধে পূৰ্বৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি লিয়নে কালি ভাৰতৰ দ্বিতীয় ইনিংছত ধুমুহাৰ সৃষ্টি কৰিছিল।

লিয়নৰ স্পিন ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিছিল ভাৰতৰ বেটিং লাইন-আপ। ৬৪ ৰানৰ বিনিময়ত ৮ টাকৈ উইকেট দখলেৰে ভাৰতৰ ইনিংছ মাত্ৰ ১৬৩ ৰানতে বান্ধি ৰাখিছিল লিয়নে। ভাৰতৰ হৈ একমাত্ৰ যুঁজাৰুৰ ৰূপত অভিজ্ঞ পূজাৰাই খেলিছিল ৫৯ ৰানৰ এক প্ৰশংসনীয় ইনিংছ। আয়াৰে দ্বিতীয় সৰ্বাধিক ২৬ ৰান কৰাৰ বিপৰীতে অশ্বিনে ১৬ ৰানৰ অৱদান আগবঢ়াইছিল। ১৫ ৰানত অপৰাজিত আছিল অক্ষৰ পেটেল।

চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত নাথান লিয়নৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। আজিৰ জয়েৰে অষ্ট্ৰেলিয়াই শৃংখলাত প্ৰত্যাৱৰ্তন ঘটাই ব্যৱধান ২-১ লৈ হ্ৰাস কৰিছে। প্ৰথম দুখন টেষ্টত পৰাজয়ৰ ফলত দলটোৰ শৃংখলা জয়ৰ সুযোগ নাই যদিও অন্তিম টেষ্টত জয়েৰে শৃংখলাত সমতা স্থাপনৰ চেষ্টা চলাব টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানৰ দলটোৱে।

তদুপৰি এই জয়েৰে অষ্ট্ৰেলিয়াই ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো স্থান নিশ্চিত কৰে। ভাৰতে এই টেষ্টত জয়েৰে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান লাভৰ সম্ভাৱনা বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিছিল যদিও মূৰকত এই সুবিধা গ্ৰহণত ব্যৰ্থ হয়।