NORTHEAST NOW (Assamese)
Popular Stories

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনী : বলীউডত কোন এই মোহময়ী?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 14, 2024 7:10 am
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনী : বলীউডত কোন এই মোহময়ী?

বলীউড কঁপাইছে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনীয়েকে। ৰূপ-যৌৱনেৰে কম্পনাংকৰ সৃষ্টি কৰিছে দৰ্শকৰ মাজত।

এটা প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ এই কন্যাই আৰম্ভণিতে বলীউডত বহু বাধাৰ সন্মুখীন হৈছিল যদিও কম সময়ৰ ভিতৰতে উদ্যোগটোত স্থান লাভ কৰিছিল। সম্প্ৰতি তেওঁ বলীউডৰ কেইবাখনো চিনেমাত অভিনয় কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে। জানেনে তেওঁ কোন? তেওঁৰ নাম শৰ্বাৰী ৱাঘ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ নাতিনী। কিন্তু তেওঁ ৰাজনীতি নহয়, অভিনয়হে ভাল পায়। মহাৰাজৰ পৰা আৰম্ভ কৰি মুঞ্জা, হালফিললৈকে কেইবাখনো বলীউডৰ চিনেমাত অভিনয় কৰি শাৰ্বাৰীয়ে নিশাটোৰ ভিতৰতে লাইমলাইট দখল কৰে।

ইয়াৰ পূৰ্বে তেওঁ চুলতান আৰু ছুই ধাগাৰ বাবে অডিচন দিছিল যদিও তেওঁক বাদ দিয়া হৈছিল। তাৰ পিছত বাণ্টী অৰ বাবলি ২ ৰ জৰিয়তে বলীউডত অভিষেক ঘটায়। ইয়াৰ পিছত তেওঁ কেইবাখনো চিনেমাত কাম কৰিছে। আগন্তুক দিনত আৰু কেইবাখনো চিনেমাত অভিনয় কৰিব শৰ্বাৰীয়ে।

অভিনয়ৰ উপৰিও তেওঁৰ গ্লেমাৰৰ বিষয়ে ছচিয়েল মিডিয়াতো বহুলভাৱে চৰ্চিত হৈছে। তেওঁৰ চকু কপালত তুলিব পৰা চেহেৰাত আপ্লুত হৈছে নেটিজেনসকল। আগন্তুক দিনত আলফা ভট্টৰ সৈতে চিনেমাত দেখা যাব শৰ্বাৰীক।

শুনা গৈছে যে সম্প্ৰতি বিকি কৌশলৰ ভাতৃ ছানী কৌশলৰ সৈতে তেওঁ সম্পৰ্কত আছে। কিন্তু দুয়োৰে কোনোৱেই ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাই।