NORTHEAST NOW (Assamese)
অসম

অখিল গগৈক সোণোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি?-শৃংখল চলিহা

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 10, 2020 7:11 am
IMG-20200710-WA0004

অখিল গগৈক সৰ্বানন্দ সোনোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ।

বৃহস্পতিবাৰে শিৱসাগৰত বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আয়োজন কৰা এক যৌথ সংবাদ মেলত এই মন্তব্য কৰে শৃংখল চলিহাই।

তেওঁ কয় অখিল গগৈ, বিতু সোনোৱাল, ধৈৰ্য কোঁৱৰক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আজি তিনিমাহ দিন নিৰাপত্তা বেষ্টনিৰ মাজত ৰখাৰ লগতে কোনো ব্যক্তিক সাক্ষাৎ কৰিবলৈ দিয়া নাই।

তেনে স্থলত বিতু সোনোৱাল আৰু ধৈৰ্য কোঁৱৰৰ দেহত কোভিড পজিটিভ কেনেকৈ পালে বুলি প্ৰশ্ন কৰে। অখিল গগৈক যিকোনো উপায়েৰে সৰ্বানন্দ সোণোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন কৰে শৃংখল চলিহাই।

আনহাতে কা’ বিৰোধী আন্দোলনত জড়িতসকলক চৰকাৰে চলে বলে কৌশলে কাৰাগাৰত সুমুৱাই থোৱাৰ অভিযোগ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সচিব প্ৰধান প্ৰণৱজ্যোতি সন্দিকৈ আৰু শিৱসাগৰ সমিতিৰ সচিব বিকাশ কোঁচে ।

সংগঠন দুটাই অখিল গগৈ, বিতু সোনোৱাল, ধৈৰ্য কোঁৱৰ,মানস কোঁৱৰকে ধৰি কা’ আন্দোলনত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ মুক্তিৰ দাবী জনোৱাৰ লগতে ক’ৰনাত আক্ৰান্ত দুয়োগৰাকী নেতাৰ লগতে অখিল গগৈক উপযুক্ত  চিকিৎসা প্ৰদান কৰিবলৈ দাবী জনায়।

অন্যথা সৰ্বানন্দ সোণোৱাল তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হবলৈ সাজু থাকিবলৈ আহ্বান জনায় শৃংখল চলিহাই। জাতি মাটি নিশেষ হোৱা চাই থকাতকৈ ক’ৰনাত মৰাটোৱেই শ্ৰেয় বুলিও মন্তব্য কৰে শৃংখল চলিহাই।