NORTHEAST NOW (Assamese)
অসম

জে ই ই, নীটৰো পাঠ্যক্ৰম হ্ৰাসৰ সম্ভাৱনা ব্যক্ত কৰিলে কৰ্তৃপক্ষই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 8:19 am
CBSE course cut to impact

 

ক’ৰ’ণাতংকৰ বাবেই চি বি এছ ইৰ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ পিছত এইবাৰ অভিযান্ত্ৰিক শাখাত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰৱেশ পৰীক্ষা জে ই ই আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰৱেশ পৰীক্ষা নীটৰ পাঠ্যক্ৰমো হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

নীট পৰিচালনা কৰা নেছনেল টেষ্টিং এজেন্সীয়ে শেহতীয়াকৈ এই বিষয়ত চিন্তা-চৰ্চা কৰিছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিষয়টো জয়েন্ট এডমিছন বোৰ্ডলৈ ঠেলি দিছে।

নেছনেল টেষ্টিং এজেন্সীৰ এগৰাকী কৰ্মকৰ্তাই এই প্ৰসংগত কৈছে যে চি বি এছ ইৰ দৰেই জে ই ই আৰু নীটৰো পাঠ্যক্ৰম হ্ৰাস কৰাৰ বিষয়ত ইতিমধ্যে প্ৰশ্নকাকত প্ৰস্তুতকৰ্তা সকলৰ সৈতে খৰচি মাৰি আলোচনা কৰা হৈছে।

বিষয়টো সন্দৰ্ভত জয়েন্ট এডমিছন বোৰ্ডে দিয়া সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব বুলি কৰ্মকৰ্তা গৰাকীয়ে মন্তব্য কৰে।

ইপিনে জে ই ই এডভান্সড পৰীক্ষা অনুষ্ঠিত কৰা আই আই টিয়েও জে ই ইৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ বিষয়ত চিন্তা কৰিছে।

এই প্ৰসংগত জয়েন্ট এডমিছন বোৰ্ডৰ এগৰাকী বিষয়ববীয়াই কৈছে যে জে ই ই আৰু নীটৰ পাঠ্যক্ৰম হ্ৰাস কৰাটো এতিয়া সময়ে দাবী কৰা বিষয় হৈ  পৰিছে যদিও এই ব্যৱস্থাই বহুতকে বিপাঙতো পেলাব পাৰে।

কিয়নো বহু ছাত্ৰ-ছাত্ৰীয়ে জেই ই আৰু নীটৰ সম্পূৰ্ণ পাঠ্যক্ৰম আৰম্ভনিৰে পৰা অধ্যয়ন কৰি আছে। উল্লেখ্য জে ই ই ১-৬ ছেপ্তেম্বৰত আৰু নীট ১৩ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ কথা।একেদৰে জে ই ই এডভান্সড অনুষ্ঠিত হ’ব ২৭ ছেপ্তেম্বৰত।