NORTHEAST NOW (Assamese)
অসম

কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আয়ুসৰ সঞ্চালক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 8:44 am
Rape-1140x570

উৰিষ্যাৰ ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ সঞ্চালক বিভূ প্ৰসাদ সাৰংগিক ভূৱনেশ্বৰত থকা তেওঁৰ কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

উৰিষ্যা প্ৰশাসনীয় সেৱাৰ এগৰাকী বিষয়া সাৰংগিক মহিলা আৰক্ষীয়ে এঘন্টাজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।

মহিলা কৰ্মচাৰীগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

মহিলাগৰাকী কৰ্মচাৰীগৰাকীয়ে তেওঁৰ হোৱাটছএপ নম্বৰত সাৰংগিয়ে অশ্লীল মেচেজ আৰু নগ্ন ভিডিঅ’ প্ৰেৰণ কৰা বুলি অভিযোগ আনিছে।

ইয়াৰ পাছত যোৱা ৭জুলাইত সাৰংগিয়ে এখন প্ৰত্যাভিযোগ পত্ৰ দাখিল কৰে।

‘’মোৰ বিৰুদ্ধে অনা অভিযোগ মিছা আৰু কল্পনাপ্ৰসূত,’’-আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত সাৰংগিয়ে এইদৰে কয়।