NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত মহিলাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2023 10:38 am

শিৱসাগৰত এগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যোৱা ১০ আগষ্টত শিৱসাগৰৰ ৰূপহীপথাৰত এগৰাকী মহিলা মৃত অৱস্থাত উদ্ধাৰ হৈছিল। গোচৰৰ তদন্তৰ পিছত এই কাণ্ডটো ধৰ্ষণ আৰু হত্যাৰ ঘটনা বুলি সন্দেহ কৰা হয়।

তদন্তৰ ভিত্তিত আৰক্ষীয়ে এই সন্দৰ্ভত লম্বিত ডেকা নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, অভিযুক্তজন ধেমাজি জিলাৰ বাসিন্দা।

লগতে পঢ়ক: কাছাৰৰ ঢলাইত মাদ্ৰাছাৰ ভিতৰত ছাত্ৰৰ মূণ্ডছেদ কৰা মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে ১০ আগষ্টত মহিলাগৰাকীৰ মৃতদেহ এটা নিৰ্মাণৰত চাইটত উদ্ধাৰ হৈছিল।

বৰ্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি অভিযুক্তক জিম্মাত লৈছে।

অভিযুক্ত শিৱসাগৰৰ এঘৰত ঘৰুৱা সহায়কাৰী হিচাপে কাম কৰি থকা বুলি জানিব পৰা গৈছে ।