NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত সন্দেহযুক্ত নাগৰিক : ১৮খন জিলাত পুনৰ পৰীক্ষণৰ দাবী সচেতন নাগৰিক মঞ্চৰ

Posted by: এন ই নাও নিউজ August 28, 2018 10:10 am
এন আৰ চি

যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত ব্যাপক হাৰত অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি বিভিন্ন জাতীয় দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ মাজতে এইবাৰ ৰাজ্যৰ ১৮খন জিলাৰ তথ্য-পাতিৰ পুনৰ পৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সচেতন নাগৰিক মঞ্চ নামৰ এটা সামাজিক সংগঠনৰ লগতে আন কেইবাটাও সংগঠন।

আবেদনকাৰীৰ মতে এই জিলাকেইখনত এন আৰ চিৰ খচৰাত ব্যাপক হাৰত সন্দেহযুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে। এই সন্দৰ্ভত তেওঁলোকে আবেদনৰ লগত যাৱতীয় তথ্য-পাতিও সন্নিৱিষ্ট কৰিছে।

এন আৰ চি সংক্ৰান্তীয় মূল গোচৰৰ লগতে উচ্চতম ন্যায়ালয়ত সোমবাৰে এই আবেদনখনো শুনানিৰ বাবে তালিকাভুক্ত হৈছে। আবেদনকাৰীসকলে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বৰপেটা, গোৱালপাৰা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, দৰং, শোণিতপুৰ, ধেমাজি, মৰিগাঁও, নগাঁও, হোজাই, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু বঙাইগাঁও জিলাত এন আৰ চি আবেদনৰ সকলো নথি-পত্ৰ বিশেষকৈ মূল বাসিন্দা আৰু বংশবৃক্ষৰ বিষয়টোৰ পুনৰ পৰীক্ষণ কৰাটো বিচাৰিছে।

উল্লেখযোগ্য যে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত জাতীয় সংগঠনবোৰে খচৰাত বহু বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলিছে। আনহাতে, বহু স্বদেশী লোকৰ নামো এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ বাতৰি নিয়ত প্ৰকাশ পাই আহিছে।