NORTHEAST NOW (Assamese)
Popular Stories

নিউয়ৰ্কত ‘মিছ শ্ৰীলংকা’ প্ৰতিযোগিতাৰ অনুষ্ঠানত হতাহতি; ভিডিঅ’ ভাইৰেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2022 6:43 pm

প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ‘মিছ শ্ৰীলংকা নিউয়ৰ্ক’ প্ৰতিযোগিতাত নিজৰ মাজতে কাজিয়াত লিপ্ত হোৱা দেখা গ’ল। অনুষ্ঠানটো যোৱা শুকুৰবাৰে অনুষ্ঠিত হৈছিল। কিন্তু এতিয়া সেই যুঁজখনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত এতিয়া চৰ্চা লাভ কৰিছে।

জানিব পৰা গৈছে যে ‘মিছ শ্ৰীলংকা নিউয়ৰ্ক’ প্ৰতিযোগিতাৰ পাৰ্টিৰ পিছতে যুঁজখন সংঘটিত হৈছিল।

ভাইৰেল ভিডিঅ’টোত অনুষ্ঠানটোৰ এটা পৰ্যায়ত তাত উপস্থিত মহিলা আৰু পুৰুষসকলে ইজনে সিজনক চৰ-ভুকু, গোৰ আৰু আনকি মাটিত পেলাই লৈ মাৰপিটত লিপ্ত হোৱাও দেখা গৈছে।

লগতে পঢ়ক: যুৱতীক ঘৰলৈ আনি যৌন ব্যৱসায়! প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, নিলম্বিত আমোলা

বাতৰি অনুসৰি, ৩০০ ৰো অধিক অতিথিয়ে সৌন্দৰ্য প্ৰতিযোগিতাৰ এই আয়োজনত অংশগ্ৰহণ কৰিছিল। কিন্তু অতিথিসকলৰ মাজত কিহৰ বাবে কাজিয়া আৰম্ভ হৈছিল সেইটো স্পষ্ট নহয়। তাত কিছুমান সামগ্ৰীও ক্ষতিগ্ৰস্ত হৈছিল। সংঘৰ্ষৰ সন্দৰ্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে  কঠিন অৰ্থনৈতিক পৰিস্থিতিৰ সন্মুখীন হোৱা শ্ৰীলংকাক সহায় কৰিবলৈ নিউয়ৰ্কত ‘মিছ শ্ৰীলংকা’ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।