NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙত জব্দ ১০ কোটি টকাৰ ড্ৰাগছ :: চাৰি জনক গ্ৰেপ্তাৰ

October 27, 2022 5:43 pm

বুধবাৰে নিশা কাৰ্বি আংলঙত অসম আৰক্ষীয়ে জব্দ কৰে বৃ্হৎ পৰিমাণৰ ড্ৰাগছ।  বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসে জনোৱা মতে ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত ডিলাই তিনিআলিৰ আৰক্ষীৰ চেকপোষ্টত তালাচী চলাই থকা অৱস্থাত বুধবাৰে নিশা ক্ৰমে এন এল – ০১ চি এ ০১৯৪ আৰু এ এচ- ০১ এ ই- ৯২০৭ নম্বৰৰ দুখনকৈ বাহনৰ পৰা এই ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।  

উক্ত তালাচীত ১০০ টাকৈ চাবোনৰ কেছত উদ্ধাৰ হোৱা ১০০ পেকেট হিৰোইনৰ ওজন ১ কিলো ২৬৩ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ১০ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা চাৰিজন লোক ক্ৰমে ডানিয়েল কিথাৰী (৩৩) , মহম্মদ ছাহাবিৰ আলই (৫৭), কাপানি এচ (২২) আৰু ছাহজাহান আলি বৰভূঞা(৩৬) ক গ্ৰেপ্তাৰ কৰিছে। জব্দকৃত ড্ৰাগছখিনিৰ লগতে ধৃত লোক কেইজনৰ পৰা নগদ ৭৫ হাজাৰ টকা আৰু ড্ৰাগছখিনি কঢ়িয়াই অনা বাহন দুখনো জব্দ কৰিছে আৰক্ষীয়ে।